গুৱাহাটী,২২ জুনঃ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ২৫ জুনত ঘোষণা কৰা হব । সোমবাৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ঘোষণা কৰিছে এই কথা । ২৫ জুনৰ পুৱা ৯ বজাৰ পৰা মুঠ ১৪ টা ৱেবচাইট যোগে পৰীক্ষাৰ্থী সকলে ফলাফল লাভ কৰিব পাৰিব ।
অনলাইন যোগে মাৰ্কশ্বিটো ডাউনলোড কৰাৰ ব্যৱস্থা কৰিছে শিক্ষা সংসদে । ফলাফল লাভ কৰিব পৰা ১৪ টা ৱেবচাইট হ'ল ক্ৰমে www.assamresult.in, www.schools9.com, www.results.shikhsa, www.newsnation.in, www.newsstate.com, www.indiaresults.com, www.iresults.net, www.eduassam.com, www.vidyavision.com, www.exametc.com, www.examresults.net/assam/, www.jagranjosh.com আৰু www.assamresult.co.in ।
উল্লেখযোগ্য যে ২০২০ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৰাজ্যত ৭৭২ টা পৰীক্ষা কেন্দ্ৰত ২ লাখ ৩৪ হাজাৰ পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল ।