ETV Bharat / city

কলকাতা আৰক্ষীলৈ গুৱাহাটীৰ সত্ৰ আদালতৰ পত্ৰ, গ্ৰেপ্তাৰ কৰক গৰ্গ চেটাৰ্জীক

author img

By

Published : Jun 24, 2020, 9:05 PM IST

গুৱাহাটীৰ মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতে কলকাতা আৰক্ষীৰ চেটলা আৰক্ষী চকীলৈ এক ন্যায়িক পত্ৰযোগে গৰ্গ চেটাৰ্জীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰী কৰিছে ৷

গ্ৰেপ্তাৰ কৰক গৰ্গ চেটাৰ্জীক
গ্ৰেপ্তাৰ কৰক গৰ্গ চেটাৰ্জীক

গুৱাহাটী, 24 জুন : গৰ্গ চেটাৰ্জীক আটক কৰিবলৈ গৈ নিজেই আটক হৈ থকা অসম আৰক্ষীলৈ সকাহ গুৱাহাটীৰ এখন আদালতৰ ৷ ইতিমধ্যে এগৰাকী আৰক্ষী আয়ুক্ত পৰ্যায়ৰ বিষয়াৰ এটা দলে কলকাতালৈ গৈ অসম ভৱনত আৱদ্ধ হৈ আছিল আৰু গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰ কৰিবলৈ যোৱা অসম আৰক্ষীৰ দলটোৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল কলকাতাবাসীয়ে ৷

বুধবাৰে গুৱাহাটীৰ 1নং মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতে গৰ্গ চেটাৰ্জীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰী কৰে ৷ কলকাতাৰ চেটলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়ালৈ বুলি প্ৰেৰণ কৰা এই পত্ৰখনৰ দ্বাৰা গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে, 3 জুলাইৰ ভিতৰত আদালতত হাজিৰ কৰাবলৈ কাঢ়া নিৰ্দেশনা প্ৰদান কৰিছে ৷ ইয়াৰ দ্বাৰা কলকাতাৰ আৰক্ষী আয়ুক্তক গৰ্গ চেটাৰ্জীৰ গ্ৰেপ্তাৰত সকলো সহযোগিতা আগবঢ়োৱাৰ লগতে আদালতত হাজিৰ কৰোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে ৷

লগতে পঢ়কঃ গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰ কৰিবলৈ গৈ অধোমুখে উভতি আহিল অসম আৰক্ষীৰ দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.