ETV Bharat / city

১০০ জন বিধায়ক জিকাই অনাৰ দায়িত্ব হিমন্ত বিশ্ব শৰ্মাৰ - Assembly elections

আগন্তুক বিধানসভা নিৰ্বাচনত 100 জন বিধায়কক অকলেই জিকাই অনাৰ লগতে বিজেপি আৰু আন দলৰ বন্ধুসকলকো জয়ী কৰাই আনিব বুলি উল্লেখ কৰে মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই ৷

Himantai took charge of 100 MLA's Assembly elections
১০০ জন বিধায়ক জিকাই অনাৰ দায়িত্ব হিমন্ত বিশ্ব শৰ্মাৰ
author img

By

Published : Aug 25, 2020, 9:15 AM IST

গুৱাহাটী, ২5 আগষ্ট: আগন্তুক বিধানসভা নিৰ্বাচনত 100 জন বিধায়কক অকলেই জিকাই অনাৰ দায়িত্ব গ্ৰহণ কৰে মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই । কেৱল বিজেপিৰে নহয়, আন দলত থকা 'বন্ধু' সকলকো জয়ী কৰাই আনিব বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে মন্ত্ৰী ডঃ শৰ্মাই ।

মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ লগতে কয়, "চৰকাৰ গঠন কৰিবলৈ দাবী জনাব পৰাকৈ যিমান সংখ্যক বিধায়কৰ প্ৰয়োজন সিমান সংখ্যক বিধায়কক জিকাই অনাৰ দায়িত্ব মোৰ ৷" ইয়াৰোপৰি, বৰ্তমানৰ সকলো বিজেপিৰ বিধায়কে ২০২১ চনৰ নিৰ্বাচনত টিকট নাপাব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, বিধায়কসকলৰ কৰ্মদক্ষতাৰ ওপৰতহে নিৰ্ভৰ কৰিব পুনৰ প্ৰাৰ্থিত্ব লাভ কৰাৰ বিষয়টো ৷

ইয়াৰ পাছতেই প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সমালোচনাত পুনৰ মুখৰ হৈ পৰে ডঃ শৰ্মা । মন্ত্ৰীগৰাকীয়ে গগৈৰ শৰীৰত বহুতৰে তেজ থকা বুলি দাবী কৰি প্ৰকৃততে তেওঁৰ শৰীৰত আজমলৰ তেজহে আছে বুলি তীৰ্যক মন্তব্য কৰে ডঃ হিমন্ত বিশ্ব শৰ্মাই ।

লগতে পঢ়ক : শিৱসাগৰৰ ৰাধিকা এতিয়া বহুজনৰ বাবেই আদৰ্শ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.