নিউজ ডেস্ক, 8 জানুৱাৰী : ইতিমধ্যে উচ্চ ন্যায়ালয়ে নাকচ কৰিলে অখিল গগৈৰ জামিন আবেদন ৷ অখিল গগৈয়ে জামিন লাভ নকৰা সন্দৰ্ভত ইতিমধ্যে একাংশই প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ লগতে চৰকাৰক গৰিহণাও দিছে ৷ কিন্তু তাৰ মাজতে হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈৰ জামিন সন্দৰ্ভত কৰিছে এক গুৰুত্বপূৰ্ণ মন্তব্য ৷
মন্ত্ৰী ড৹ শৰ্মাই কয় যে, ৰাষ্ট্ৰদ্ৰোহ অথবা কা আন্দোলনৰ গোচৰত কাৰাগাৰত থকা নাই অখিল গগৈ ৷ মাওবাদীৰ সৈতে সম্পৰ্ক থকাৰ বাবেই NIAয়ে গোচৰ ৰুজু কৰি বিচাৰ চলাইছে অখিলৰ বিৰুদ্ধে ৷ তেওঁ আৰু কয় যে, NIAৰ অভিযোগনামাত উল্লেখ আছে যে, ‘‘তেওঁৰ নেতৃত্বত মাওবাদী প্ৰশিক্ষণৰ বাবে যুৱকক পঠোৱা হৈছিল ৷ অসমত মাওবাদী আন্দোলন আৰম্ভ কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল অখিল গগৈয়ে ৷ মাওবাদী শক্তিক অসমলৈ আমন্ত্ৰণ জনোৱাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছে অখিল গগৈক ৷’’
মন্ত্ৰী শৰ্মাৰ মতে, বহু আৰক্ষীয়ে যিহেতু তেওঁৰ বিৰুদ্ধে বহু পূৰ্বেই গোচৰ ৰুজু কৰিছে আৰু পৰৱৰ্তী সময়ত ইয়াক NIA ক হস্তান্তৰ কৰিছে গতিকে বিচাৰ আদালতে কৰিব ৷ এইক্ষেত্ৰত মন্তব্য কৰাৰ অধিকাৰ নাই বুলিও উল্লেখ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷
লগতে পঢ়ক : নাৰায়ণপুৰত পুত্ৰই হত্যা কৰিলে মাতৃক