ETV Bharat / city

নতুন ৰাজনৈতিক দলক লৈ হিমন্তৰ প্ৰতিক্ৰিয়া - কেলেংকাৰী সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া

ৰাজ্যত শেহতীয়াকৈ গঠিত হোৱা ৰাজনৈতিক দলসমূহক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷

নতুন ৰাজনৈতিক দলক লৈ হিমন্তৰ প্ৰতিক্ৰিয়া

author img

By

Published : Oct 3, 2020, 7:41 AM IST

গুৱাহাটী, 2 অক্টোবৰ : নতুন ৰাজনৈতিক দলসমূহক লৈ নিজৰ মন্তব্য প্ৰকাশ কৰে হিমন্ত বিশ্ব শৰ্মাই ৷ শুকুৰবাৰে ৰাজ্যত গঠন হয় এটা নতুন ৰাজনৈতিক দলৰ ৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত গঠন হয় ৰাইজৰ দল নামে এক নতুন ৰাজনৈতিক দল ৷

লগতে পঢ়ক : পাঁচদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

নতুন দলটোৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ তেওঁ কয় যে সকলো দল একত্ৰিত হওঁক ৷ তেতিয়াহে আমি যুঁজি ভাল পাম ৷ লগতে নিৰ্বাচনী সভাত ভাষন দিবলৈও সুবিধা হ'ব ৷

সকলো আঞ্চলিক ৰাজনৈতিক দলক একত্ৰিত হ'বলৈ আহ্বান হিমন্তৰ

আনহাতে ৰাজ্যত শেহতীয়াকৈ সংঘটিত হোৱা অসম আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্তি বিসংগতিৰ অন্যতম অভিযুক্ত দিবন ডেকা সন্দৰ্ভতো মন্ত্ৰীগৰাকীয়ে গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে ৷ মন্ত্ৰী শৰ্মাই কয় যে, 2013 চনত মোৰ বিৰুদ্ধে অখিল গগৈৰ সৈতে লগ হৈ সংবাদমেল দিছিল দিবন ডেকাই ৷ সেই সময়ত তেওঁক হিৰো পাতিছিল সকলোৱে ৷

কেলেংকাৰী সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া

উল্লেখ্য যে, অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ পৰীক্ষাৰ প্ৰশ্নকাকত জালিয়াতি বা চাকৰি বিক্ৰীৰ বৃহৎ চক্ৰটোৰ অন্যতম কাণ্ডাৰীৰূপে চিহ্নিত হোৱা দিবন ডেকা 2011ৰ বিধানসভা নিৰ্বাচনত বৰক্ষেত্ৰী সমষ্টিৰ পৰা বিজেপিৰ হৈ প্ৰতিদ্বন্দিতা কৰিছিল যদিও নিৰ্বাচনত বেয়াকৈ মুখথেকেচা খাইছিল ৷ সুদীৰ্ঘ সময়জুৰি আৰ এছ এছ আৰু বিজেপিৰে ওচৰ সম্পৰ্ক ৰাখি চলা দিবন ডেকাৰ আচল ঘৰ নলবাৰী জিলাৰ বৰভাগৰ ননৈ অঞ্চলত । পৰৱৰ্তী সময়ত প্ৰায় ১০ দিন ধৰি পলাই থকাৰ পিচত 31 নং ৰাষ্ট্ৰীয় ঘাইপথত পাটাছাৰকুছি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ডেকাক ৷ ইতিমধ্যে বিজেপিয়ে ডেকাক দলটোৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিস্কাৰ কৰিছে ৷

লগতে পঢ়ক : কোন এই দিবন ডেকা ? কি সম্পৰ্ক আৰ এছ এছ-বিজেপিৰে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.