নিউজ ডেস্ক, 5 মাৰ্চঃ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী শেহতীয়া এক মন্তব্যৰ পাচতেই অসমৰ প্ৰভাৱশালী তথা বিজেপি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কটাক্ষ ৷ ভোট দিয়া সকলো বাংলাদেশী ভাৰতীয় নাগৰিক বুলি কোৱা মমতা বেনাৰ্জীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰদান কৰি হিমন্তই কয়, মমতা বেনাৰ্জীয়ে ভাৰতৰ সংবিধানৰ নাগৰিকত্ব আইন নতুনকৈ গঠনৰ চেষ্টা কৰিছে ৷ মই ভাৱো ইয়াৰ পাচত তেওঁ পশ্চিমবংগত নহয় বাংলাদেশলৈ গৈ নিৰ্বাচনী প্ৰচাৰ কৰিব ৷ তেওঁ বাংলাদেশী প্ৰব্ৰজনকাৰীৰ পক্ষত বুলি উল্লেখ কৰে হিমন্তই ৷
ইয়াৰ লগতে তেওঁ কয়, মমতা বেনাৰ্জী যাৱতীয় সম্পদক লৈ উদ্বিগ্ন নহয় ৷ পশ্চিমবংগ চৰকাৰৰ তাত যথোপযুক্ত যিমানখিনি সম্পদ আছে সেইখিনি পশ্চিমবংগৰ দুখীয়া শ্ৰেণীৰ বাবে ব্যৱহাৰ কৰিবলৈ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে ৷ পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মুক্তভাৱে বাংলাদেশৰ অবৈধ প্ৰব্ৰজনকাৰীৰ এটা বৰ্গক আমন্ত্ৰিত কৰিছে বুলি উল্লেখ কৰে হিমন্ত বিশ্ব শৰ্মাই ৷