ETV Bharat / city

শ্বহীদ স্মাৰক আৰু শ্বহীদ উদ্যান পৰিদৰ্শন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

১৮০ কোটি টকাৰ আৰ্থিক ব্যয়ৰে চৰকাৰে অসম আন্দোলনৰ শ্বহীদসকলৰ (Martyred of Assam movement) স্মৃতিত নিৰ্মাণ কৰি থকা গুৱাহাটীৰ পশ্চিম বৰাগাঁওত শ্বহীদ স্মাৰক আৰু পাৰ্ক নিৰ্মাণস্থলী শুকুৰবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই পৰিদৰ্শন কৰে (Himanta Biswa Sarma reviewed Swahid Smarak)

author img

By

Published : Aug 26, 2022, 7:41 PM IST

Updated : Aug 26, 2022, 9:30 PM IST

Himanta Biswa Sarma reviewed Swahid Smarak

গুৱাহাটী, 26 আগষ্ট: অসম আন্দোলনত আত্মবলিদানেৰে ইতিহাস ৰচা মহান শ্বহীদসকলৰ স্মৃতি চিৰযুগমীয়া কৰাৰ উদ্দেশ্যে গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত প্ৰায় ১০০ বিঘা ভূমিত নিৰ্মাণৰত অৱস্থাত আছে ‘শ্বহীদ স্মাৰক‘ আৰু ‘শ্বহীদ উদ্যান’ (Swahid Smarak Park in Guwahati)। ১৮০ কোটি টকাৰ আৰ্থিক ব্যয়ৰে চৰকাৰে অসম আন্দোলনৰ শ্বহীদসকলৰ (Martyred of Assam movement) স্মৃতিত নিৰ্মাণ কৰি থকা গুৱাহাটীৰ পশ্চিম বৰাগাঁওত শ্বহীদ স্মাৰক আৰু পাৰ্ক নিৰ্মাণস্থলী শুকুৰবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই পৰিদৰ্শন কৰে (Himanta Biswa Sarma reviewed Swahid Smarak) ।

শ্বহীদ স্মাৰক আৰু শ্বহীদ উদ্যান পৰিদৰ্শন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত কয় যে ইতিমধ্যে প্ৰথম পৰ্যায়ৰ ৫০ শতাংশ কাম সমাপ্ত হৈছে । উদ্যানখনৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্মাণকাৰ্যৰ বাবে দুমাহৰ ভিতৰত নিবিদা দিয়া হ’ব । শ্বহীদ স্মাৰকত ১৩ মহলীয়া এটা অট্টালিকা থাকিব, য’ত উত্তৰ-পূৱৰ খাদ্য সম্ভাৰৰ এখন বিপনীৰ লগতে মুকলি থিয়েটাৰ মঞ্চ, পুথিভঁৰালৰ সৈতে প্ৰেক্ষাগৃহ, যোগ কেন্দ্ৰ, চাইকেল ট্ৰেক আদিৰ সম্ভাৰ থাকিব ।

লগতে পঢ়ক: গুৱাহাটীত 6 দিনলৈ ট্ৰেফিক ছিগনেল ভংগ কৰিলে বিহা নহয় জৰিমনা

অহা দুই-তিনিবছৰৰ ভিতৰত এই নিৰ্মাণ কাৰ্য সম্পন্ন হ’ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Swahid Smarak Park at Paschim Boragaon in Guwahati) । ইফালে দীপৰ বিল সম্পৰ্কে তেওঁ কয় যে, ব্ৰহ্মপুত্ৰৰ পানী দীপৰ বিললৈ আহিব লাগে । জলসম্পদ বিভাগে ব্ৰহ্মপুত্ৰৰ পানী অহা-যোৱাৰ ব্যৱস্থা কৰিব দীপৰ বিললৈ । বন্যজন্তুৰ সুৰক্ষা বাবে ৰেলৱে বিভাগে উৰণীয়া সেঁতু নিৰ্মাণ কৰিব বুলিও কয় মুখ্যমন্ত্ৰীয়ে ৷

উল্লেখ্য যে, যোৱা 24 আগষ্টত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে গুৱাসাহাটীৰ হেঙৰাবাৰীত ১৪ বিঘা মাটিত ১৪.৮১ কোটি টকা ব্যয়ৰে নিৰ্মিত বিভিন্ন সা-সুবিধাযুক্ত উদ্যান "অমৃত উদ্যান" উদ্বোধন কৰে (Amrit Udyan at Hengerabari in Guwahati)। উত্তৰ-পূৱ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ আগশাৰীৰ শ্বহীদক সন্মান জনাই গুৱাহাটীত নিৰ্মাণ কৰা অমৃত উদ্যানত উত্তৰ-পূৰ্বাঞ্চলৰ ৮ খন ৰাজ্যৰ ৮ গৰাকী স্বাধীনতা সংগ্ৰামীৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হয় ।

লগতে পঢ়ক: নোহোৱা হ’ব ৰাজ্যৰ আঢ়ৈ হাজাৰ চৰকাৰী খণ্ডৰ বিদ্যালয়

Last Updated : Aug 26, 2022, 9:30 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.