গুৱাহাটী, 16 ডিচেম্বৰ: শৰণাৰ্থীৰ মৰ্যদা বিচাৰি চাইদুৰ ৰহমানসহ দহগৰাকী ৰহিঙ্গীয়াই দাখিল কৰা লেখ আবেদনৰ বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়াত শুনানি অনুষ্ঠিত হয় (High court hearing on Rohingyas) । উল্লেখ্য যে, সাত বছৰে কাৰাবন্দীত্বৰ জীৱন কটাই অতিষ্ঠ হৈ পৰা চাইদুৰ ৰহমানসহ দহগৰাকী ৰহিঙ্গীয়াই গুৱাহাটী উচ্চ ন্যায়ালয়ত এই সন্দৰ্ভত WP(C)3576/2017 নম্বৰৰ এখন লেখ আবেদন দাখিল কৰিছিল । তেওঁলোকক ভাৰতৰ শৰনাৰ্থীৰ মৰ্যদা দি থাকিবলৈ দিয়া অথবা মান্যমাৰলৈ উভতাই পঠোৱাৰ আৰ্জিৰে উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল লেখ আবেদন (Rohingya families appeal to Guwahati High Court)।
ন্যায়ালয়ে বৃহস্পতিবাৰে এই সম্পৰ্কত শুনানি গ্ৰহণ কৰি এই সন্দৰ্ভত চৰকাৰৰ স্থিতি স্পষ্ট কৰাৰ বাবে জাননী দিয়ে । পৰৱৰ্তী সময়ত চৰকাৰে স্থিতি স্পষ্ট কৰাৰ পিছত পুনৰ শুনানি গ্ৰহণ কৰা হ'ব ।
মন কৰিবলগীয়া যে, মান্যমাৰৰ পৰা নথি-পত্ৰ অবিহনে ভাৰতত প্ৰৱেশ কৰাৰ অপৰাধত চাইদুৰ ৰহমান, মহম্মদ উল্লা, তহৰা বেগু, ৰুমানা বেগম, য়েছমিন আখতাৰ, আবু তালেক, জেচমিন আখতাৰ, মহম্মদ ৰিদৱান আৰু তেছমিনা আখতাৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল । গ্ৰেপ্তাৰৰ পিছৰে পৰা বিগত সাত বছৰে তেওঁলোক কাৰাবন্দী হৈ আছে ।
লগতে পঢ়ক: শৰণাৰ্থীৰ মৰ্যাদা বিচাৰি কাৰাবন্দী ৰোহিংগীয়াৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন