গুৱাহাটী, ২১ মে': ভাৰতীয় বতৰ বিজ্ঞান বিভাগে শুকুৰবাৰ আৰু শনিবাৰে প্ৰৱল বৃষ্টিপাত, ধুমুহা আৰু শিলাবৃষ্টিৰ আগজাননী দিছে । ইতিমধ্যে এই আগজাননী লাভ কৰাৰ পিছত সতৰ্ক হৈ পৰিছে ৰাজ্য চৰকাৰ ।
ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া জি ডি ত্ৰিপাঠীয়ে সেইমৰ্মে সকলো জিলাৰ উপায়ুক্তলৈ প্ৰেৰণ কৰিছে এক জৰুৰী নিৰ্দেশ । সম্ভাব্য এনে প্ৰতিকূল পৰিস্থিতিৰ সৈতে মুখামুখি হ'ব পৰাকৈ ২২ মে'ৰ মাজনিশালৈকে সাজু হৈ থাকিবলৈ সকলো উপায়ুক্তক দিছপুৰৰ পৰা নিৰ্দেশ প্ৰেৰণ কৰা হৈছে ।
লগতে পঢ়ক:মুখ্যমন্ত্ৰীৰ প্ৰধান প্ৰেছ সচিব জ্যেষ্ঠ সাংবাদিক ধ্ৰুৱ মহন্ত