ETV Bharat / city

আকৌ কৰ’ণাৰ আতংক : পৰিস্থিতিৰে মোকাবিলা কৰিব পৰাকৈ সাজু থাকিবলৈ সংশ্লিষ্ট বিভাগক নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

author img

By

Published : Jan 6, 2022, 10:14 PM IST

গুৱাহাটীৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি স্ব‍াস্থ্যমন্ত্রী কেশৱ মহন্তৰ বিশেষ বৈঠক (Health minister Keshab Mahanta's meeting on COVID) ৷ ক'ভিড আক্ৰান্তৰ বাবে থকা চিকিৎসা আন্তঃগাঁথনিসমূহ সাজু কৰাৰ লগতে চিনাক্ত হোৱা ক'ভিড আক্ৰান্তৰ সংস্পৰ্শলৈ অহা লোকৰো ক্ষীপ্ৰতাৰে সন্ধান উলিওৱাৰ বাবে সুনিৰ্দিষ্ট প্ৰণালী অতি শীঘ্ৰে কাৰ্যক্ষম কৰাৰ নিৰ্দেশ ।

COVID in Guwahati
গুৱাহাটীৰ ক'ভিড পৰিস্থিতি সন্দৰ্ভত স্বাস্থ্যমন্ত্রী কেশৱ মহন্তৰ গুৰুত্বপূৰ্ণ বৈঠক

গুৱাহাটী, ৬ জানুৱাৰী : ৰাজ্যৰ লগতে বিশেষকৈ গুৱাহাটী মহানগৰীত ক'ভিডৰ ভয়াৱহ সংক্ৰমণক লৈ উদ্বিগ্ন হৈ পৰিছে স্বাস্থ্য বিভাগ । বৃহস্পতিবাৰে গুৱাহাটীৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি স্ব‍াস্থ্যমন্ত্রী কেশৱ মহন্তই কামৰূপ মহানগৰ জিলা উপায়ুক্ত কাৰ্যালয়ত জিলা প্ৰশাসন, মহানগৰ আৰক্ষী আৰু স্বাস্থ্য বিভাগৰ বিষয়াবৰ্গৰ সৈতে এক বৈঠকত মিলিত হয় (Health minister Keshab Mahanta's meeting on COVID) ।

গুৱাহাটী মহানগৰৰ লগতে সমগ্ৰ জিলাখনৰ ক'ভিড আক্ৰান্তৰ বাবে থকা চিকিৎসা আন্তঃগাঁথনিসমূহ সাজু কৰাৰ (COVID management in Guwahati) লগতে চিনাক্ত হোৱা ক'ভিড আক্ৰান্তৰ সংস্পৰ্শলৈ অহা লোকৰো ক্ষিপ্ৰতাৰে সন্ধান উলিওৱাৰ বাবে সুনিৰ্দিষ্ট প্ৰণালী অতি শীঘ্ৰে কাৰ্যক্ষম কৰাৰ বিষয়ে বিতংভাৱে বৈঠকত আলোচনা কৰা হয় ।

ৰাজ্যৰ স্বাস্থ্যমন্ত্রীগৰাকীয়ে পৰিস্থিতিৰে মোকাবিলা কৰিব পৰাকৈ সাজু থকাৰ বাবে সংশ্লিষ্ট বিভাগৰ বিষয়াসকলক নিৰ্দেশ দিয়ে । বৈঠকত স্বাস্থ্যমন্ত্রীগৰাকীয়ে ১৫ৰ পৰা ১৮ বছৰ বয়সলৈকে যোগ্য কিশোৰ-কিশোৰী সকলক প্ৰদান কৰা প্ৰতিষেধক কাৰ্যসূচীৰ অগ্ৰগতিৰো বুজ লয় ।

এই পৰ্যালোচনা বৈঠকত জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা, স্বাস্থ্য সেৱা সঞ্চালক, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ সঞ্চালক, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিশেষ কৰ্তব্যৰত বিষয়া, মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত, সহকাৰী আয়ুক্ত, মহানগৰ আৰক্ষীৰ অতিৰিক্ত আয়ুক্ত (প্ৰশাসন), জিলাৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকো উপস্থিত আছিল । উল্লেখ্যে যে, গুৱাহাটী মহানগৰীত দিনক দিনে বৃদ্ধি পাইছে ক'ভিড আক্ৰান্তৰ সংখ্যা । বৃহস্পতিবাৰৰ দিনটোত গুৱাহাটী মহানগৰীত নতুনকৈ ৩৬৯ গৰাকী লোক ক'ভিডত আক্ৰান্ত হয় (Latest COVID update of Guwahati) ।

লগতে পঢ়ক : Bulli Bai App controversy : অসমত গ্ৰেপ্তাৰ মূল খলনায়ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.