গুৱাহাটী, ৩ মাৰ্চ : অসমত একেৰাহে ডেৰটাকৈ দশক শাসন চলোৱা শতিকা প্ৰাচীন ৰাজনৈতিক দল কংগ্ৰেছৰ জনপ্ৰিয়তা বা গ্ৰহণযোগ্যতা অসমৰ নগৰাঞ্চলত হ্ৰাস পাইছে নেকি (Popularity of Congress in urban areas) ? ৰাজ্যত সম্প্ৰতি চলি থকা পৌৰ নিৰ্বাচনৰ ধামখুমিয়াৰ মাজত যেন পুনৰ এবাৰ প্ৰাসংগিক হৈ উঠিছে এই প্ৰশ্ন । কিয়নো পূৰ্বৰ তথ্য চালে দেখা যায় যে, কংগ্ৰেছে যিসময়ত একেৰাহে ৰাজ্যত পোন্ধৰ বছৰীয়া শাসন অব্যাহত ৰাখিছিল ঠিক সেই সময়ৰ পৰাই যেন নগৰ বা চহৰ অঞ্চলত কংগ্ৰেছৰ গ্ৰহণযোগ্যতা ক্ৰমাৎ হ্ৰাস পাবলৈ আৰম্ভ কৰাৰ বিপৰীতে জনপ্ৰিয়তা আৰু গ্ৰহণযোগ্যতা দুয়োটাই লাহে লাহে বাঢ়িবলৈ আৰম্ভ কৰিছিল বিজেপিৰহে ।
উদাহৰণ স্বৰূপে, 2009 চনত দিছপুৰত শাসনত আছিল কংগ্ৰেছ চৰকাৰ । সেই সময়ত ৰাজ্যত কংগ্ৰেছৰ জয় জয়কাৰ অৱস্থা । কিন্তু সেই বছৰতে অনুষ্ঠিত হোৱা নগৰ সমিতি আৰু পৌৰসভাৰ নিৰ্বাচনত তেনেই চালুকীয়া বিজেপিয়ে মুঠ ৱাৰ্ডৰ 9.48 শতাংশ লাভ কৰিবলৈ সক্ষম হৈছিল । কংগ্ৰেছে সেইবাৰ লাভ কৰিছিল 61.06 শতাংশ ৱাৰ্ড । সেই নিৰ্বাচনত মুঠ ৱাৰ্ডৰ সংখ্যা আছিল 696 টা । সেয়াই যেন আছিল আৰম্ভণি ।
ইয়াৰ পিছত 2014 ত যেতিয়া অসমত পৌৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল তেতিয়া দেখা গৈছিল যে কংগ্ৰেছে লাভ কৰিছে 33.64 শতাংশ ৱাৰ্ড । সেইবাৰ মুঠ ৱাৰ্ডৰ সংখ্যা আছিল 743 টা । কংগ্ৰেছৰ ফলাফল 2009 ৰ তুলনাত ভালেখিনি নিম্নগামী হৈছিল 2914 ৰ পৌৰ নিৰ্বাচনত । ইয়াৰ বিপৰীতে যি বিজেপিয়ে 2009 ৰ পৌৰ নিৰ্বাচনত মাত্ৰ 9.48 শতাংশ ৱাৰ্ডহে লাভ কৰিছিল, সেই বিজেপিয়ে 2014 ৰ পৌৰ নিৰ্বাচনত একেকোবে 48.45 শতাংশ ৱাৰ্ড লাভ কৰি চহৰ-নগৰাঞ্চলত দলটোৰ গ্ৰহণযোগ্যতা আৰু জনপ্ৰিয়তা বৃদ্ধি পোৱাৰ প্ৰমাণ দিছিল । অথচ সেই সময়তো অসমত কংগ্ৰেছৰেই চলিছিল । এইবাৰো দেখা গ’ল কংগ্ৰেছে নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া 80 খন পৌৰসভাৰ 977 টা ৱাৰ্ডৰ প্ৰায় 100 টা ৱাৰ্ডত নিজা প্ৰাৰ্থী দিবলৈও সক্ষম নহ'ল ।
লগতে পঢ়ক : দুৰ্নীতি কৰিবলৈ মন্ত্ৰী-বিধায়ক কেতিয়াও নাছিল ভুৱন গাম: মুখ্যমন্ত্ৰী
শতাব্দী প্ৰাচীন এই দলটোৱে এইদৰে চহৰ নগৰাঞ্চলত জনপ্ৰিয়তা হেৰুওৱাৰ কাৰণ কি ? ৰাজ্যৰ ৰাজনীতিৰ বাবে আজিৰ তাৰিখত অতি প্ৰাসংগিক আৰু গুৰুত্বপূৰ্ণ ৰূপে বিবেচিত হোৱা এই প্ৰশ্নৰ উত্তৰ দিব খোজে বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক তথা সাংসদ পল্লৱলোচন দাসে এনেদৰে - " কংগ্ৰেছৰ যেতিয়া অসমত চৰকাৰ চলি আছিল সেই সময়ত সকলো কংগ্ৰেছী মন্ত্ৰীৰ মাজত এক অহংকাৰে গা কৰি উঠিছিল যাৰ বাবে দলটোৰ একপ্ৰকাৰ পতন হ'ল ।" সাংসদ গৰাকীয়ে ই টিভি ভাৰতক আৰু কয় - " কংগ্ৰেছৰ এনে অহংকাৰৰ বিপৰীতে কিন্তু সেই সময়ত বিজেপিয়ে খুব সুক্ষ্মভাবে কামকাজবোৰ কৰি গৈছিল আৰু বিশেষকৈ নগৰ অঞ্চলত বসবাস কৰা বৌদ্ধিক সমাজখনৰ কাষ চাপিবলৈ যত্ন কৰিছিল । সেই সময়ত কংগ্ৰেছৰ এচাম দালাল শ্ৰেণীৰ মানুহে অসমৰ পৌৰসভা বা নগৰ সমিতি সমূহক একপ্ৰকাৰ আৱৰি ৰাখিছিল ।
ফলত পৌৰসভা বা নগৰ সমিতি সমূহৰ দ্বাৰা কোনো উন্নয়নমূলক কামকাজ হোৱা নাছিল । কেৱল ঠিকা, কমিচন এইবিলাকেই চলিছিল । এইবিলাক ঘটনাৰেই প্ৰভাৱ যোৱা কেইটামান নিৰ্বাচনত দেখা পোৱা গ’ল । পৰৱৰ্তী সময়ত ৰাজ্যত যেতিয়া বিজেপিয়ে চৰকাৰ গঠন কৰিলে তেতিয়া নগৰ অঞ্চলত ঘটি থকা বা পৌৰসভা, নগৰ সমিতি সমূহত ঘটি থকা এনেধৰণৰ ঘটনা বিলাক দুৰ কৰিবলৈ চেষ্টা কৰিলে । বিজেপিয়ে সদায় সংগঠনক গুৰুত্ব দিয়ে । বিজেপিয়ে এই সময়খিনিতে চহৰ বা নগৰ অঞ্চলৰ মানুহৰ অধিক কাষ চাপি গ’ল । নগৰীয়া অঞ্চলৰ লোকে কংগ্ৰেছে কৰি অহা তুষ্টিকৰণৰ ৰাজনীতি খুব ভালকৈয়ে বুজি পায় ৷
লগতে পঢ়ক : সকাহ : স্থাৱৰ সম্পত্তি কিনা-বেচাত নালাগিব NOC
আনহাতে, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ শেহতীয়া বহু আচনিয়েও নগৰ-চহৰবাসীক উপকৃত কৰিছে । যাৰ বাবে আজিৰ তাৰিখত নগৰ-চহৰ অঞ্চলত বিজেপি অধিক প্ৰাসংগিক হৈ উঠিছে ।" ইপিনে পোন্ধৰ বছৰীয়া কংগ্ৰেছৰ শাসনকালত যে দলটোৰ কেতবোৰ সাংগঠনিক ভুল ত্ৰুটি হৈছিল সেয়া স্বীকাৰ কৰি লৈছে কংগ্ৰেছে দলেও । প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ দিলীপ কুমাৰ শৰ্মাই এই প্ৰসংগত ই টিভি ভাৰতক ক'লে - " এই কথা অস্বীকাৰ কৰিব নোৱাৰি যে যোৱা সময়খিনিত সাংগঠনিক দিশত আমাৰ বহুখিনি ভুল ত্ৰুটি হৈছিল । কিন্তু তাৰ সমানে এই কথাও সত্য যে, এতিয়া পুণৰ নগৰ বা চহৰ অঞ্চলত লাহে লাহে কংগ্ৰেছৰ প্ৰতি মানুহৰ আদৰ বাঢ়িবলৈ লৈছে ।
উদাহৰণস্বৰূপে, শেহতীয়াকৈ গুৱাহাটী মহানগৰীকে ধৰি অসমৰ বহু মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফলত দেখা গৈছে এন এছ ইউ আইৰ প্ৰাৰ্থী বিজয়ী হৈছে । নগৰ বা চহৰ অঞ্চলত সঁচাকৈয়ে কংগ্ৰেছে জনপ্ৰিয়তা হেৰুওৱা হ'লে মহাবিদ্যালয় সমূহত নতুন প্ৰজন্ম এইদৰে কংগ্ৰেছৰ পক্ষত ওলাই নাহিলহেতেন । বহুতে কৈছে কংগ্ৰেছে সকলো ৱাৰ্ডতে এইবাৰ প্ৰাৰ্থী দিব নোৱাৰিলে । কথাটো তেনেকুৱা নহয় । আমি প্ৰাৰ্থী দিছিলো ।
কিন্তু বিজেপিয়ে বহু ঠাইত ভয়, ভাবুকি, প্ৰলোভনেৰে সেই প্ৰাৰ্থীসকলক নিজৰ পক্ষলৈ লৈ গল । জনপ্ৰিয়তা স্থায়ী কেতিয়াও নহয় । আজি বিজেপি দল অসমত দুবাৰকৈ শাসনত বহিবলৈ সক্ষম হৈছে । কংগ্ৰেছেওতো তিনিটা কাৰ্যকাল একেৰাহে শাসন কৰিছিল । দিল্লীত বিজেপিয়ে দুটা কাৰ্যকালৰ বাবে শাসনত বহিছে । কংগ্ৰেছেও চলাইছিল দুটা কাৰ্যকালৰ শাসন । গতিকে নগৰ, চহৰ বা গ্ৰামাঞ্চলত কংগ্ৰেছৰ জনপ্ৰিয়তা বা গ্ৰহণযোগ্যতা কমিছে বুলি আমি নাভাবো ।"
লগতে পঢ়ক : AP High Court : আদালতৰ ৰায় অনুসৰি অমৰাৱতী হ’ব অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী