ETV Bharat / city

গুৱাহাটীত বহিঃৰাজ্যৰ এ টি এম হেকাৰৰ ভয়ংকৰ জাল - ষ্টেট বেংকৰ এ টি এমক লক্ষ্য কৰিছে হেকাৰৰ দলে

মহানগৰীৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰৰ সংবাদ মেল ৷

গুৱাহাটীত বহিৰাজ্যৰ এ টি এম হেকাৰৰ ভয়ংকৰ জাল
author img

By

Published : Sep 3, 2019, 6:35 PM IST

গুৱাহাটী,3 ছেপ্তেম্বৰ:

  • গুৱাহাটীৰ এ টি এম ত পৰিছে বহিঃৰাজ্যৰ হেকাৰৰ চকু
  • মহানগৰীৰৰ থানাই থানাই ৰুজু হৈছে অসংখ্য এ টি এম হেকৰ গোচৰ
  • সংবাদমেল যোগে এই কথা সদৰি কৰিলে আৰক্ষী আয়ুক্ত দীপক কুমাৰে
  • ষ্টেট বেংকৰ এ টি এমক লক্ষ্য কৰিছে হেকাৰৰ দলে
  • হেকিং সম্পৰ্কে মুম্বাই আৰু দিল্লী আৰক্ষীৰ লগত যোগাযোগ মহানগৰ আৰক্ষীৰ
  • হেকাৰৰ দলে এ টি এমত লগাই কেমেৰা সংলগ্ন বিশেষ উপকৰণ
  • আৰক্ষীয়ে পৰীক্ষা কৰিছে চি চি টি ভি ভিজুৱেল

গুৱাহাটীত বহিৰাজ্যৰ এ টি এম হেকাৰৰ ভয়ংকৰ জাল

গুৱাহাটী,3 ছেপ্তেম্বৰ:

  • গুৱাহাটীৰ এ টি এম ত পৰিছে বহিঃৰাজ্যৰ হেকাৰৰ চকু
  • মহানগৰীৰৰ থানাই থানাই ৰুজু হৈছে অসংখ্য এ টি এম হেকৰ গোচৰ
  • সংবাদমেল যোগে এই কথা সদৰি কৰিলে আৰক্ষী আয়ুক্ত দীপক কুমাৰে
  • ষ্টেট বেংকৰ এ টি এমক লক্ষ্য কৰিছে হেকাৰৰ দলে
  • হেকিং সম্পৰ্কে মুম্বাই আৰু দিল্লী আৰক্ষীৰ লগত যোগাযোগ মহানগৰ আৰক্ষীৰ
  • হেকাৰৰ দলে এ টি এমত লগাই কেমেৰা সংলগ্ন বিশেষ উপকৰণ
  • আৰক্ষীয়ে পৰীক্ষা কৰিছে চি চি টি ভি ভিজুৱেল
Intro:গুৱাহাটীত বহিৰাজ্যৰ হেকাৰৰ ভংয়কৰ জালঃ মহানগৰীৰ থানাত দৰ্জনে দৰ্জনে গোচৰ


Body:মহানগৰীৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে গুৱাহাটী মহানগৰীত দিছপুৰ, হাতীগাওঁ, পল্টনবজাৰ, লতাশিল অঞ্চলত সংঘটিত হোৱা ATM হেকিং সম্পৰ্কে কয় যে গুৱাহাটীত মূলত SBIৰ ATMত বেছি পৰিছে হেকাৰৰ চকু। গুৱাহাটীৰ দুটা ATM ৰ পৰা কেমেৰা সংলগ্ন বিশেষ উপকৰণ উদ্ধাৰ কৰা হৈছে। গুৱাহাটী মহানগৰ আৰক্ষীয়ে
ATM হেকিং সম্পৰ্কে মুম্বাই আৰু দিল্লী আৰক্ষীৰ লগত যোগাযোগত আছে। মুম্বাইৰ এটা চক্ৰই কৰিছে এই কাম। মুম্বাইৰ বেংকৰ পৰা চিচি টিভি ভিজুৱেল বিছাৰিছে আৰক্ষীয়ে। ATM ত কেমেৰা সংলগ্ন বিশেষ উপকৰণ লগোৱা মানুহক চিনাক্ত কৰা হৈছে। এই সন্দৰ্ভত গুৱাহাটীৰ দিছপুৰ 18, হাতীগাওঁ 9, পল্টন বজাৰ 18, লতাশিলত 6 গোচৰ ৰুজু কৰা হৈছে। গুৱাহাটী বিভিন্ন অঞ্চলত থকা ATM ৰ পৰা প্ৰায় 16 লাখ কৈ অধিক টকা উলিয়াইছে হেকাৰে। ATM হেকিং উপৰিও আন দুটা ঘটনাৰ সম্পৰ্কে মহানগৰীৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰৰে কয় যে গুৱাহাটীৰ নুনমাটিৰ পৰা নিৰুদ্দেশ হোৱা দুগৰাকী ছাত্ৰীক সুকলমে বান্দাৰদোৱাৰ পৰা উদ্ধাৰ কৰা হৈছে। ইফালে সোণাপুৰত বহিৰাজ্যৰ ফটকাভৰ্তি দুখন ট্ৰাক এটা দলে হাইজেক কৰিছিল। সোণাপুৰ আৰক্ষীয়ে হাইজেক কৰা ট্ৰাক চালক সহ দুখন ট্ৰাক উদ্ধাৰ কৰা হৈছে। এই ঘটনাৰ লগত জড়িত এজনক গ্ৰেপ্তাৰ কৰা হৈছে । এই ঘটনাৰ লগত জড়িত সকলোকে অতিশীঘ্ৰে গ্ৰেপ্তাৰ কৰা হব বুলি উল্লেখ কৰে আৰক্ষী আয়ুক্ত দীপক কুমাৰে।




Conclusion:Asrar Ansari
গুৱাহাটী

For All Latest Updates

TAGGED:

ATM hackers
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.