গুৱাহাটী, 24 জানুৱাৰী : ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান (Anti Drug Mission) ৷ প্ৰত্যেক দিনাই আৰক্ষীয়ে অভিযান চলাই বহুসংখ্যক নিচাজাতীয় সামগ্ৰী জব্দ কৰি আহিছে ৷ ইয়াৰ মাজতে মহানগৰ আৰক্ষীয়েও অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান ৷ শনিবাৰে মহানগৰীৰ মঠঘৰীয়া অঞ্চলত আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ ড্ৰাগছসহ দুজন ড্ৰাগছ সৰবৰাহকাৰী আটক কৰে ।
এক গোপন তথ্যৰ ভিত্তিত শনিবাৰে নিশা মধ্য আৰক্ষী মণ্ডলৰ বিশেষ আৰক্ষী অভিযানকাৰী( SOG) দলে মহানগৰীৰ মঠঘৰীয়াৰ বড়ো চক আৰু বিদ্যালয় পথৰ দুটা বাসগৃহত অভিযান চলাই 138 গ্ৰাম হেৰ’ইনৰ লগতে নগদ ধনসহ দুটা মোবাইল ফোন জব্দ কৰে (Brown Sugar seized) । লগতে দুজন ড্ৰাগছ সৰবৰাহত আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ নাম অশোক কুমাৰ দাস(28) আৰু আনজন মাসুম আলী (29) বুলি জানিব পৰা গৈছে (Two drug suppliers arrested by Guwahati Police) ৷
আৰক্ষীয়ে জানিব দিয়া মতে মঠঘৰীয়াৰ অশোক কুমাৰ দাস নামৰ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীজনক আৰক্ষীয়ে পূৰ্বেও ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগত আটক কৰি জেললৈ প্ৰেৰণ কৰিছিল ৷ পিছে জেলৰ পৰা ওলাই আহিয়েই পুনৰ ড্ৰাগছ সৰবৰাহ কাৰ্যত জড়িত হৈ পৰিছিল অশোক কুমাৰ দাস নামৰ লোকজন ৷
লগতে পঢ়ক : ১ ফেব্ৰুৱাৰীৰ পৰা অসমত শিথিল হব ক'ভিড বিধি