গুৱাহাটী, 7 জানুৱাৰী : গুৱাহাটী পৌৰ নিগমে গুৱাহাটী পৌৰ নিগমৰ ৱাৰ্ডৰ সংখ্যা বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে (Extension of ward in GMC)। গুৱাহাটী পৌৰ নিগমৰ ৱাৰ্ডৰ সংখ্যা ৬০ টালৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ আগইছে পৌৰ নিগমে । পূৰ্বতে গুৱাহাটী পৌৰ নিগমত ৱাৰ্ডৰ সংখ্যা আছিল ৩১ টা ৱাৰ্ড । ৱাৰ্ডৰ সংখ্যা সম্প্ৰসাৰণ কৰাৰ বাবে বৃহস্পতিবাৰে গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষই জাৰি কৰিছে জাননী ।
জাননী নম্বৰ GCL/02/2022/03 জৰিয়তে গুৱাহাটী পৌৰ নিগম এই কৰ্তৃপক্ষই নিদৰ্শনা জাৰি কৰিছে । পৌৰ নিগমৰ ৱাৰ্ডৰ সংখ্যা ৬০ টালৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱৰ সম্পৰ্কত ৰাইজে ওজৰ আপত্তি দাখিল কৰাৰো ব্যৱস্থা কৰিছে গুৱাহাটী পৌৰ নিগমে । গুৱাহাটীবাসীয়ে পৌৰ নিগমৰ ৱাৰ্ডৰ সংখ্যা ৬০ টালৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱৰ সম্পৰ্কত অহা ১৯ জানুৱাৰীৰ ভিতৰত ওজৰ আপত্তি দাখিল কৰাৰ নিৰ্দেশ দিয়া হৈছে ।
![Guwahati Municipal Corporation Notice](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-gmcwardincrease-7210645_07012022143118_0701f_1641546078_21.jpg)
গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষই শুকুৰবাৰে প্ৰস্তাৱিত পৌৰ নিগমৰ ৬০ টা ৱাৰ্ডৰ নাম, সীমা আৰু মানচিত্ৰ ৰাইজৰ বাবে মুকলি কৰে । গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষই ইতিমধ্যে প্ৰস্তাৱিত পৌৰ নিগমৰ ৬০ টা ৱাৰ্ডৰ নাম, সীমা আৰু মানচিত্ৰ পৌৰ নিগমৰ ৱেবচাইট www.gmc.assam.gov.in ত উপলব্ধ কৰা কৰিছে । ৰাইজে পৌৰ নিগমৰ ৱাৰ্ডৰ সংখ্যা ৬০ টালৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱৰ সম্পৰ্কত অহা ১৯ জানুৱাৰীৰ ভিতৰত ওচৰ আপত্তি দাখিল কৰাৰ পিছত এই সম্পৰ্কত ৰাজহুৱা শুনানী গ্ৰহণ কৰিব । বৰ্তমানলৈ ৰাজহুৱা শুনানিৰ দিন ঠিক কৰা হোৱা নাই ।
উল্লেখ্য যে, অহা ফেব্ৰুৱাৰীৰ পৰা মাৰ্চ মাহৰ ভিতৰত পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত হ'ব (Municipal election in Assam)। মনকৰিবলগীয়া যে, পৌৰ নিগমৰ যোৱা নিৰ্বাচনৰ পূৰ্বে ৱাৰ্ডৰ সংখ্যা আছিল ৬০ টা । পৰৱৰ্তী সময়ত ২০১৩ চনত পৌৰ নিগমৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ নেতৃত্বাধীন ৰাজ্য চৰকাৰে পৌৰ নিগমৰ সংখ্যা ৩১ টালৈ সীমিত কৰি নিৰ্বাচন অনুষ্ঠিত কৰিছিল ।