ETV Bharat / city

পুনৰ আৰম্ভ হল বিমানসেৱাঃ বৰঝাৰ বিমানবন্দৰত যাত্ৰীৰ ভিৰ

বিমানবন্দৰটোৰ পৰা প্ৰথমটো দিনত মুঠ 8 খন বিমানে উৰা মৰাৰ বিপৰীতে অৱতৰণ কৰিলে 8 খনকৈ বিমানে ৷ পুৱা 8 বাজি 45 মিনিটত প্ৰথমখন বিমানে অৱতৰণ কৰে বৰঝাৰ বিমানবন্দৰত ৷

Guwahati LGBI Airport Reopen  amid Lockdown
পুনৰ আৰম্ভ হল বিমানসেৱাঃ বৰঝাৰ বিমানবন্দৰত যাত্ৰীৰ ভিৰ
author img

By

Published : May 25, 2020, 10:39 PM IST

গুৱাহাটী, 25 মে': লকডাউনৰ বাবে বিগত প্ৰায় 2 মাহ ধৰি বিমান সেৱা বন্ধ হৈ থকাৰ পাছত সোমবাৰৰ পৰা পুনৰ আৰম্ভ হৈছে আভ্যন্তৰীণ বিমানসেৱা ৷ চৰকাৰী বিশেষ নীতি নিয়মৰ মাজেৰে বৰঝাৰ বিমানবন্দৰৰ পৰাও আৰম্ভ হল বিমান সেৱা ৷ বিমানবন্দৰটোৰ পৰা দিনটোত মুঠ 8 খন বিমানে উৰা মৰাৰ বিপৰীতে অৱতৰণ কৰিলে 8 খনকৈ বিমানে ৷ পুৱা 8 বাজি 45 মিনিটত প্ৰথমখন বিমানে অৱতৰণ কৰে বৰঝাৰ বিমানবন্দৰত ৷ প্ৰথমখন বিমানত 162 জন যাত্ৰী আছিল যদিও 78 জনক গুৱাহাটীত নমাই পুনৰ ইম্ফললৈ ৰাওনা হয় বিমানখন ।

পুনৰ আৰম্ভ হল বিমানসেৱাঃ বৰঝাৰ বিমানবন্দৰত যাত্ৰীৰ ভিৰ

উল্লেখ্য যে, সোমবাৰৰ দিনটোত বৰঝাৰ বিমানবন্দৰত সৰ্বমুঠ 686 জন যাত্ৰীয়ে অৱতৰণ কৰাৰ বিপৰীতে আন ঠাইলৈ উৰা মাৰে 326 জন যাত্ৰীয়ে ৷ যাত্ৰীসকলক প্ৰাথমিক পৰীক্ষাৰ অন্তত নিজ জিলালৈ যাবলৈ দিয়া হয় যদিও নিজ নিজ জিলাত স্বাস্থ্য পৰীক্ষাৰ লগতে কোৱাৰেন্টাইন কৰা হ'ব বুলি জনাই প্ৰশাসনে ৷ আনহাতে কামৰূপ, হোজাই, দৰং, মৰিগাঁৱৰ লোকসকলক বিমানবন্দৰৰ সমীপৰ কিৰণশ্ৰী হোটেলত স্বাৱ টেষ্ট কৰাৰ লগতে কোৱাৰেন্টাইন কৰাৰ ব্যৱস্থা কৰিছে প্ৰশাসনে ৷ উল্লেখ্যনীয় যে, প্ৰতিকূল বতৰ আৰু আম্ফানে অন্য ৰাজ্যত চলাই যোৱা তাণ্ডৱৰ ফলত সোমবাৰে বাতিল হয় 20 খন বিমানৰ চলাচল ৷ সোমবাৰৰ দিনটোত বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষৰ মাজত দেখা গল বিশেষ তৎপৰতা ৷

লগতে পঢ়কঃ পৰিয়ালৰ পৰা আঁতৰি থাকি সমুখ সমৰত নমা কৰ'ণা যোদ্ধাসকল !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.