গুৱাহাটী, 17 আগষ্ট: মহানগৰীত অব্যাহত আছে নিষিদ্ধ ঘোষিত তীৰ খেলৰ অবাধ বেহা ৷ এতিয়া মহানগৰীৰ বিভিন্ন প্ৰান্তত তীৰ খেলৰ প্ৰকোপ এটা সচৰাচৰ দেখি থকা ঘটনাত পৰিণত হৈছে ৷ শুকুৰবাৰে সন্ধিয়া বশিষ্ঠৰ বঙালী বস্তি অঞ্চলত বশিষ্ঠ আৰক্ষীৰ এটা দলে অভিযান চলাই দুটা তীৰ খেলুৱৈক আটক কৰে ৷ বিকি প্ৰধান আৰু ৰতন দেৱনাথ নামৰ এই দুই যুৱকৰ পৰা আৰক্ষীয়ে তীৰৰ টিকটসহ নগদ ২২০০০ টকা আৰু এটা কেলকুলেটৰ জব্দ কৰে ৷
মহানগৰীত গঢ়ি উঠা অবৈধ তীৰৰ বিৰুদ্ধে সততে নিষ্ক্ৰিয় ভূমিকা গ্ৰহণ কৰি অহা বশিষ্ঠ আৰক্ষীৰ এই আকস্মিক অভিযানৰ পাচত পৰৱৰ্তী সময়ত বশিষ্ঠ আৰক্ষীয়ে এনেধৰণৰ অভিযান অব্যাহত থাকে নাই সেয়া লক্ষণীয় হব ৷