ETV Bharat / city

কৃত্ৰিম বানৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ে পিছুৱালে স্নাতকোত্তৰ পৰীক্ষা

author img

By

Published : Jun 15, 2022, 7:29 PM IST

বৃহস্পতিবাৰৰ পৰা ২০ জুনলৈ অনুষ্ঠিত হবলগীয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ সকলো বিভাগৰ দ্বিতীয় আৰু চতুৰ্থ ষাম্মাসিকৰ পৰীক্ষা পিছুৱাই দিয়া হৈছে । বাকী ২১ জুনৰ পৰা অনুষ্ঠিত হবলগীয়া স্নাতকোত্তৰ সকলো বিভাগৰ দ্বিতীয় আৰু চতুৰ্থ ষাম্মাসিকৰ পৰীক্ষা নিৰ্দ্ধাৰিত সময়ত অনুষ্ঠিত হব ।

কৃত্ৰিম বানৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ে পিছুৱালে স্নাতকোত্তৰ পৰীক্ষা
কৃত্ৰিম বানৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ে পিছুৱালে স্নাতকোত্তৰ পৰীক্ষা

গুৱাহাটী, 15 জুন: গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ সকলো বিভাগৰ দ্বিতীয় আৰু চতুৰ্থ ষাম্মাসিকৰ পৰীক্ষা পিছুৱাই দিয়া হৈছে । গুৱাহাটী বিশ্ববিদ্যালয়ৰ কেবাটাও ছাত্ৰ আৰু ছাত্ৰী নিবাস জলমগ্ন হৈ থকাৰ পৰিপ্ৰেক্ষিতত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰিছে ।

কাইলৈ অৰ্থাৎ বৃহস্পতিবাৰৰ পৰা ২০ জুনলৈ অনুষ্ঠিত হবলগীয়া স্নাতকোত্তৰ সকলো বিভাগৰ দ্বিতীয় আৰু চতুৰ্থ ষাম্মাসিকৰ পৰীক্ষা পিছুৱাই দিয়া হৈছে (GU postponed PG exams for flood situation) । বাকী ২১ জুনৰ পৰা অনুষ্ঠিত হবলগীয়া স্নাতকোত্তৰ সকলো বিভাগৰ দ্বিতীয় আৰু চতুৰ্থ ষাম্মাসিকৰ পৰীক্ষা নিৰ্দ্ধাৰিত সময়ত অনুষ্ঠিত হব । ২০ জুনলৈ পিছুৱাই দিয়া পৰীক্ষাৰ সময়সূচী পৰৱৰ্তী সময়ত প্ৰকাশ কৰা হব বুলি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জনাইছে ।

উল্লেখ্য যে ধাৰাষাৰ বৰষুণৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ AT 8, AT 9, RCC 5, RCC 8 আবাস জলমগ্ন হৈ আছে । কৃত্ৰিম বানৰ বাবে আবাসত থকা ছাত্ৰ-ছাত্ৰীসকল জলবন্দী হৈ আছে । যাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষক পৰীক্ষা পিছুৱাই দিয়াৰ বাবে দাবী জনায় । গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ দাবীৰ ভিত্তিত গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই পৰীক্ষা পিছুৱাই দিয়াৰ ব্যৱস্থা কৰে ।

লগতে পঢ়ক: মন্ত্রী অশোক সিংঘালক মুখ্যমন্ত্রীয়ে জবাবদিহি কৰক: বিৰোধী দলপতি

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.