ETV Bharat / city

গ্ৰাহকলৈ সকাহ : পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাস - government to reduce record-high fuel prices

গ্ৰাহকৰ বাবে এটা সুখবৰ ৷ হ্ৰাস হৈছে পেট্ৰ’ল-ডিজেলৰ মূল্য ৷

govt-reduces-petrol-price-etv-bharat-assam-news
গ্ৰাহকলৈ সকাহ : পেট্ৰ’ল ডিজেলৰ মূল্য হ্ৰাস
author img

By

Published : Sep 1, 2021, 1:18 PM IST

নিউজ ডেস্ক, 1 ছেপ্তেম্বৰ : অৱশেষত এটি সুখবৰ ৷ হ্ৰাস হৈছে পেট্ৰ’ল-ডিজেলৰ মূল্য ৷ বিগত কিছুদিনত পেট্ৰ’ল-ডিজেলৰ লগতে অন্যান্য ইন্ধনজাত সামগ্ৰীৰ বৰ্ধিত মূল্যই জ্বলা-কলা খুৱাইছিল সাধাৰণ জনতাক ৷

Govt reduces petrol price
পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাস

কিন্তু এই বৰ্ধিত মূল্যৰ বাবে চলি আহিছিল ধাৰাবাহিক প্ৰতিবাদ ৷ ফলতে বুধবাৰৰ দিনটোত কিছু পৰিমাণে হ্ৰাস পাইছে পেট্ৰ’ল-ডিজেলৰ মূল্য ৷ ভাৰতৰ প্ৰায় 19 খন ৰাজ্যতে এই মূল্যই অতিক্ৰম কৰিছিল শতকৰ ঘৰ ৷ সেই অনুসৰি, প্ৰতি লিটাৰ পেট্ৰ’লত 1.5 টকাকৈ আৰু ডিজেলৰ প্ৰতি লিটাৰত 1 টকাকৈ হ্ৰাস কৰা হৈছে ৷ এই নিৰ্দেশনা কাৰ্যকৰী হ’ব 1 ছেপ্তেম্বৰৰ পৰা ৷

Govt reduces petrol price
বুধবাৰৰ পৰা কাৰ্যকৰী হ’ব এই সিদ্ধান্ত

বিত্ত বিভাগে জাৰি কৰা এক জাননী অনুসৰি, পেট্ৰ'লৰ নতুন মূল্য হ'ব প্ৰতি লিটাৰত 118.3 টকা, এইচএছডি হ'ব প্ৰতি লিটাৰত 115.03 টকা, কেৰাচিন প্ৰতি লিটাৰত 86.80 টকা আৰু এলডিঅ'ৰ প্ৰতি লিটাৰত 84.77 টকা হ'ব ৷

আন্তৰ্জাতিক বজাৰত পেট্ৰ'লিয়ামজাত সামগ্ৰীৰ মূল্যৰ তাৰতম্য আৰু ভৱিষ্যতে বৃদ্ধিৰ সম্ভাৱনা থকা স্বত্বেও বুধবাৰে মূল্য হ্ৰাস কৰা হোৱা বুলি চৰকাৰে প্ৰকাশ কৰে ৷

লগতে পঢ়ক: নৱম অসম আৰক্ষী বাহিনীৰ বাছত উদ্ধাৰ আঘাতপ্ৰাপ্ত পহু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.