ETV Bharat / city

নিশাৰ মহানগৰীত ৰান্ধনীৰ ৰূপত এগৰাকী সাংবাদিক

নিশাৰ ভাগত থলুৱা খাদ্যৰ জুতি ল'ব বিচাৰে নেকি? যদি নিশা আপুনি থলুৱা খাদ্য বিচাৰি হাবাথুৰি খাইছে তেন্তে আহক মহানগৰীৰ এইখন ফুড ট্ৰাকলৈ। ইয়াত আপোনাক এগৰাকী সাংবাদিকে নিজ হাতেৰে ৰান্ধি খুৱাব উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন থলুৱা খাদ্য।

নিশাৰ মহানগৰীত ৰান্ধনীৰ ৰূপত এগৰাকী সাংবাদিক
author img

By

Published : Oct 22, 2019, 5:32 PM IST

গুৱাহাটী, 22 অক্টোবৰঃ পেচাত তেওঁ এজন সাংবাদিক ৷ কিন্তু এতিয়া কলম এৰি নিশাৰ মহানগৰীত ব্যস্ত বিভিন্ন থলুৱা খাদ্য ৰন্ধাত ৷ সৰুৰে পৰা ৰান্ধি ভাল পোৱা এইগৰাকী সাংবাদিক হৈছে প্ৰণৱ বৰা ৷ দেশৰ আগশাৰীৰ সংবাদপত্ৰ 'ইণ্ডিয়া টুডে' গ্ৰুপত প্ৰায় ২০ বছৰ ধৰি সাংবাদিকতা বৃত্তিত জড়িত আছিল প্ৰণৱ বৰা ৷ পাচত মহানগৰীত টেলিগ্ৰাফৰ লগত জড়িত থাকি এইগৰাকী সাংবাদিকে সাংবাদিকতাৰ পৰা কিছু সময়ৰ বাবে বিৰতি লৈ এক নতুন যাত্ৰা আৰম্ভ কৰিছে । চাওক এক বিশেষ প্ৰতিবেদনঃ

Intro:নিশাৰ ভাগত থলুৱা খাদ্যৰ জুতি ল'ব বিচাৰে নেকি? যদি নিশা আপুনি থলুৱা খাদ্য বিচাৰি হাবাথুৰি খাইছে তেন্তে আহক মহানগৰীৰ এইখন ফুড ট্ৰাকলৈ। ইয়াত আপোনাক এগৰাকী সাংবাদিকে নিজ হাতেৰে ৰান্ধি খুৱাব উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন থলুৱা খাদ্য। (opening ptc)

Body:দেশৰ ৰাজধানী দিল্লীত ইণ্ডিয়া টুডে গ্ৰুপত ২০ বছৰ সাংবাদিক হিচাপে কাম কৰাৰ অভিগতা, গুৱাহাটীত টেলিগ্ৰাফৰ লগত জড়িত হৈ থকা এইগৰাকী সাংবাদিকে সাংবাদিকতাৰ পৰা কিছু সময়ৰ বাবে বিৰতি লৈ এক নতুন ৰূপ ধাৰণ কৰিছে। সাংবাদিকৰ অস্ত্ৰ কলম এৰি এইগৰাকী সাংবাদিক এতিয়া নিশাৰ মহানগৰীত ব্যস্ত বিভিন্ন থলুৱা খাদ্য ৰান্ধাত।

আপুনি যদি নিশাৰ ভাগত থলুৱা খাদ্যৰ সোৱাদ ল'ব বিচাৰে তেন্তে মহানগৰীৰ খ্ৰীষ্টানবস্তিত পদপথৰ ওপৰত থকা 'দি ল'গ ড্ৰাম' নামৰ ফুড ট্ৰাক খনলৈ আহিব। যোৱা মাৰ্চ মাহত ইংৰাজী বাতৰি কাকত টেলিগ্ৰাফৰ পৰা আবাসীক সম্পাদক পদৰ পৰা অব্যাহতি লৈ প্ৰণৱ বৰা নামৰ এই গৰাকী সাংবাদিকে আপোনাক নিজ হাতেৰে ৰান্ধি খুৱাব বিভিন্ন ধৰণৰ থলুৱা খাদ্য। তিলেৰে ৰন্ধা হাঁহৰ মাংস, কোমোৰাৰে ৰন্ধা হাঁহৰ মাংস, ঢেকীয়া শাক, মাটিমাহৰ দলি, কচুৰ লটি, গৰৈ মাছৰ পুৰা ইত্যাদি ইত্যাদি থলুৱা খাদ্য ৰন্ধাত পাৰ্গত এইগৰাকী সাংবাদিকে তৃপ্তি পাই আনক খুৱাই। ৰান্ধি ভালপোৱা প্ৰণৱ বৰাই বছৰি কেইবা লক্ষাধিক টকাৰ চাকৰো এৰি নিজৰ ৰুচিকে গ্ৰহণ কৰিছে পেছা হিচাপে। নিশা ৯ বজাৰ পৰা পুৱা ৩ বজালৈ প্ৰণৱ বৰাই মহানগৰীত নিশাৰ ভাগত খাদ্য বিচাৰি ফুৰা ৰাইজক এসাজ থলুৱা খাদ্য যোগান ধৰাৰ বাবে এই ফুড ট্ৰাকখনলৈ ওলাই আহে প্ৰতি নিশাই। সৰুৰে পৰা ৰান্ধি ভাল পোৱা প্ৰণৱ বৰাই কিছু সময়ৰ বাবে সাংবাদিকতাৰ পৰা আঁতৰি নিজকে ৰান্ধনী হিচাপে প্ৰতিষ্ঠা কৰিবলৈ যত্ন কৰিছে। সাংবাদিকতা যিদৰে নিচা ঠিক সেইদৰে বিভিন্ন ধৰণৰ খাদ্য ৰান্ধাটোও নিচা বুলি মন্তব্য প্ৰকাশ কৰি প্ৰণৱ দাসে কয় বৰ্তমান তেওঁ সাংবাদিকতাৰ পৰা বিৰতি লৈছে যদিও ভৱিষ্যতে সাংবাদিকতাৰ লগতে নিজকে এগৰাকী ব্যৱসায়ী হিচাপে প্ৰতিষ্ঠা কৰাটো তেওঁৰ লক্ষ্য।

বাইট : প্ৰণৱ বৰা, সাংবাদিক

Conclusion:পদপথৰ কাষত থকা প্ৰণৱ বৰাৰ 'দি ল'গ ড্ৰাম' নামৰ এই ফুড ট্ৰাকখনত নিশাৰ ভাগত এইদৰে এসাজ থলুৱা খাদ্য বিচাৰি ভিৰ কৰা পৰিলক্ষিত হয় ৰাইজ। সাধচৰণ ৰাইজৰ লগতে মহানগৰীত বিভিন্ন সংবাদ প্ৰতিষ্ঠানত কৰ্মৰত বহু সাংবাদিক নিশাৰ ভাগত কৰ্মস্থলীৰ পৰা ঘৰলৈ উভতি যোৱা সময়ত প্ৰণৱ বৰাৰ ফুড ট্ৰাকখনলৈ আহি গ্ৰহণ কৰে নিশাৰ আহাৰ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.