ETV Bharat / city

৩১ অক্টোবৰ সময়সীমাঃ প্ৰস্তুত হ'ব গুৱাহাটীৰ নতুন বিল্ডিং বাই-ল' - GMC

বুধবাৰে বিয়লি মুখ্যমন্ত্ৰীয়ে তেওঁৰ জনতা ভৱনৰ সভাকক্ষত অনুষ্ঠিত এখন বৈঠকত বিল্ডিং বাই - ল' অহা ৩১ অক্টোবৰৰ ভিতৰত প্ৰস্তুত কৰি উলিয়াবলৈ নিৰ্দেশনা জাৰি কৰে। এই নিৰ্দেশ দিয়ে গুৱাহাটী উন্নয়ন বিভাগক ।

জনতা ভৱনৰ সভাকক্ষত অনুষ্ঠিত এখন বৈঠকত মুখ্যমন্ত্ৰী
author img

By

Published : Oct 9, 2019, 9:30 PM IST

গুৱাহাটী, ৯ অক্টোবৰঃ ৰাজধানী চহৰ গুৱাহাটীত আৱাসিক খণ্ডৰ সামগ্ৰিক বিকাশ আৰু উন্নয়নৰ বাবে এখন সময় সাপেক্ষ বিল্ডিং বাই - ল' অহা ৩১ অক্টোবৰৰ ভিতৰত প্ৰস্তুত কৰি উলিয়াবলৈ বুধবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰে। বুধবাৰে বিয়লি মুখ্যমন্ত্ৰীয়ে তেওঁৰ জনতা ভৱনৰ সভাকক্ষত অনুষ্ঠিত এখন বৈঠকত এই নিৰ্দেশ দিয়ে গুৱাহাটী উন্নয়ন বিভাগক । কেৱল সিমানেই নহয়, গুৱাহাটীৰ সমীপৱৰ্তী অঞ্চলত এখন পৰিবহন নগৰী স্থাপনৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰিবলৈও বুধবাৰৰ এই বৈঠকত মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে। উল্লেখ্য যে জি এছ টি সম্পৰ্কীয় এখন জৰুৰী বৈঠক অনুষ্ঠিত হৈছিল মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত । এই বৈঠকত ৰাজ্যৰ অট'মোবাইল ক্ষেত্ৰৰ প্ৰতিনিধি, বস্ত্ৰ ব্যৱসায়ী, হোটেল উদ্যোগী, চাৰ্টাৰ্ড একাউনটেন্ট আদিয়ে ভাগ লয়। ৰাজ্যৰ ব্যৱসায়ীসকলৰ বাবে জি এছ টি প্ৰক্ৰিয়া সৰলীকৃত কৰিবলৈ এখন হাতপুথি প্ৰস্তুত কৰিবলৈও মুখ্যমন্ত্ৰীয়ে এই বৈঠকত নিৰ্দেশ দিয়ে।

Intro:গুৱাহাটী, ৯ অক্টোবৰঃ ৰাজধানী চহৰ গুৱাহাটীত আৱাসিক খণ্ডৰ সামগ্ৰিক বিকাশ আৰু উন্নয়নৰ বাবে এখন সময় সাপেক্ষ বিল্ডিং বাই - ল' অহা ৩১ অক্টোবৰৰ ভিতৰত প্ৰস্তুত কৰি উলিয়াবলৈ বুধবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰে। বুধবাৰে বিয়লি মুখ্যমন্ত্ৰীয়ে তেওঁৰ জনতা ভৱনৰ সভাকক্ষত অনুষ্ঠিত এখন বৈঠকত এই নিৰ্দেশ দিয়ে গুৱাহাটী উন্নয়ন বিভাগক।Body:কেৱল সিমানেই নহয়, গুৱাহাটীৰ সমীপৱৰ্তী অঞ্চলত এখন পৰিবহন নগৰী স্থাপনৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰিবলৈও আজিৰ এই বৈঠকত মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে। উল্লেখ্য যে জি এছ টি সম্পৰ্কীয় এখন জৰুৰী বৈঠক অনুষ্ঠিত হৈছিল মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত। Conclusion:এই বৈঠকত ৰাজ্যৰ অট'মোবাইল ক্ষেত্ৰৰ প্ৰতিনিধি, বস্ত্ৰ ব্যৱসায়ী, হোটেল উদ্যোগী, চাৰ্টাৰ্ড একাউনটেন্ট আদিয়ে ভাগ লয়। ৰাজ্যৰ ব্যৱসায়ীসকলৰ বাবে জি এছ টি প্ৰক্ৰিয়া সৰলীকৃত কৰিবলৈ এখন হাতপুথি প্ৰস্তুত কৰিবলৈও মুখ্যমন্ত্ৰীয়ে আজিৰ এই বৈঠকত নিৰ্দেশ দিয়ে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.