গুৱাহাটী,1ছেপ্টেম্বৰঃ দেওবাৰে সদৌ অসম সাংস্কৃতিক সমন্বয় সন্থাৰ উদ্যোগত গুৱাহাটী বিশ্ববিদ্যালয় ফণীধৰ দত্ত প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় 'ভাৰতৰত্ন ভূপেন হাজৰিকা বৰলুইত বঁটা' প্ৰদান অনুষ্ঠান । বিভিন্ন ক্ষেত্ৰৰ প্ৰায় ৭৬ গৰাকী ব্যক্তিক প্ৰদান কৰা হয় 'ভাৰত ৰত্ন ভূপেন হাজৰিকা বৰলুইত বঁটা ২০১৯' । তাৰোপৰি ডঃ জ্যোতিষ কুমাৰ দেৱক প্ৰদান কৰা হয় 'কৃষ্টি সাধক' বঁটা । সাংস্কৃতিক তথা সাহিত্যজগতত বিশেষ অৰিহণা আগবঢ়োৱা ব্যক্তিসকলক প্ৰতিবছৰে অসম সাংস্কৃতিক সমন্বয় সন্থা চমুকৈ আকুৱে আগবঢ়াই আহিছে এই সন্মান । উল্লেখ্য যে পশ্চিম গুৱাহাটী সংমণ্ডল আৰক্ষীৰ আৰক্ষী অধীক্ষক খনীন্দ্ৰ কুমাৰ চৌধুৰী, সমাজকৰ্মী তথা লেখক ছহিদুল ইছলামকে ধৰি ৭৬ গৰাকী ব্যক্তিক প্ৰদান কৰা হয় এই বঁটা । ইফালে এনে সন্মানে কাম কৰি যোৱাত উৎসাহ যোগায় বুলি কয় সমাজকৰ্মী ছহিদুল ইছলামে।
গুৱাহাটী বিশ্ববিদ্যালয়ত 'ভাৰতৰত্ন ভূপেন হাজৰিকা বৰলুইত বঁটা' প্ৰদান অনুষ্ঠান - গুৱাহাটী বিশ্ববিদ্যালয় ফণীধৰ দত্ত প্ৰেক্ষাগৃহ
সদৌ অসম সাংস্কৃতিক সমন্বয় সন্থাৰ উদ্যোগত গুৱাহাটী বিশ্ববিদ্যালয় ফণীধৰ দত্ত প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় 'ভাৰতৰত্ন ভূপেন হাজৰিকা বৰলুইত বঁটা' প্ৰদান অনুষ্ঠান । বিভিন্ন ক্ষেত্ৰৰ প্ৰায় ৭৬ গৰাকী ব্যক্তিক প্ৰদান কৰা হয় 'ভাৰত ৰত্ন ভূপেন হাজৰিকা বৰলুইত বঁটা ২০১৯' ।
![গুৱাহাটী বিশ্ববিদ্যালয়ত 'ভাৰতৰত্ন ভূপেন হাজৰিকা বৰলুইত বঁটা' প্ৰদান অনুষ্ঠান](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4312072-693-4312072-1567371590540.jpg?imwidth=3840)