গুৱাহাটী ,১২ জুন: অসম আৰক্ষীয়ে প্ৰত্যেকদিনাই অভিযান চলাই থকাৰ পিছতো অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ ব্যৱসায় (Assam Police against drugs) ৷ নিতৌ কৌশল সলনি কৰি ড্ৰাগছ তথা গাঞ্জা ব্যৱসায়ীয়ে অব্যাহত ৰাখিছে এই চোৰাং ব্যৱসায় ৷ আৰক্ষীয়েও প্ৰতিদিনেই জব্দ কৰি আহিছে বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী ।
শেহতীয়াকৈ দেওবাৰে আন এক অভিযানত মহানগৰীৰ আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ পৰিমাণৰ গাঞ্জা ৷ ঘটনা অনুসৰি, এক গোপন তথ্যৰ ভিত্তিত ফটাশিল আৰক্ষীয়ে অভিযান চলাই এজন গাঞ্জাসৰবৰাহকাৰীক আটক কৰাৰ (Ganja suppliers arrested by Fatasil police) লগতে বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰে (Ganja seized in Guwahati) ৷ জব্দকৃত গাঞ্জাখিনিৰ পৰিমাণ ৪০ কেজি বুলি আৰক্ষীয়ে জনায় ৷
লগতে আৰক্ষীয়ে এই গাঞ্জা সৰবৰাহত জড়িত এখন বাহনো জব্দ কৰে আৰক্ষীয়ে ৷ এই জব্দকৃত গাঞ্জাখিনি ওডালগুৰিৰ মাজবাটৰ পৰা মহানগৰীলৈ সৰবৰাহ কৰা হৈছিল বুলি আৰক্ষীয়ে জনায় ৷ ইফালে আটকাধীন গাঞ্জা সৰবৰাহকাৰীজনৰ নাম প্ৰদীপ ডেকা বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক : অমানৱীয়! নাবালকক ফেনত ওলোটাই গৰম লোহাৰৰ ৰ'ডেৰে প্ৰহাৰ