ETV Bharat / city

দৰ্শনাৰ্থীৰ বাবে পুনৰ মুকলি হ'ল শক্তিপীঠ কামাখ্যা ধামৰ দুৱাৰ

author img

By

Published : Oct 11, 2020, 9:20 PM IST

Updated : Oct 11, 2020, 10:09 PM IST

কঠোৰ নীতি-নিয়মৰ মাজেৰে দেওবাৰে পুৱা 8 বজাৰ লগে লগে দৰ্শনাৰ্থীৰ বাবে খুলি দিয়া হয় কামাখ্যাৰ মূল প্ৰৱেশদ্বাৰ ৷ মন্দিৰৰ সম্পূৰ্ণ চৌহদ ছেনিটাইজ কৰাৰ লগতে নাৰ্ছাৰীত প্ৰতিগৰাকী দৰ্শনাৰ্থীকে ক'ভিড পৰীক্ষা কৰোৱা হয় ৷ ইপিনে মন্দিৰৰ প্ৰৱেশদ্বাৰ খোলাৰ সমান্তৰালকৈ খোল খালে নীলাচলৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠানো ৷

Finally, the door of Shaktipeeth Kamakhya Dham was opened for the visitors
অৱশেষত দৰ্শনাৰ্থীৰ বাবে মুকলি হ'ল শক্তিপীঠ কামাখ্যা ধামৰ দুৱাৰ

গুৱাহাটী,11অক্টোবৰঃ অৱশেষত 6 মাহৰ অন্তত মুকলি হ'ল শক্তিপীঠ কামাখ্যা ধামৰ দুৱাৰ ৷ কৰ'ণা ভাইৰাছৰ বাবে দেশজুৰি লকডাউন ঘোষণা কৰাৰ ফলত আন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে বন্ধ হৈ আছিল ধৰ্মীয় অনুষ্ঠানো ৷ দেশৰ অন্যতম ধৰ্মীয়স্থানৰ লগতে কামাখ্যা ধামো বন্ধ কৰি দিয়া হৈছিল দৰ্শনাৰ্থীৰ বাবে ৷ আনকি অম্বুবাচীৰ সময়তো উৰুঙা হৈ থাকিল নীলাচলৰ বুকু ৷ কিন্তু শেহতীয়াকৈ যাৱতীয় নীতি নিয়মেৰে পুনৰ কামাখ্যা মুকলি কৰি দিয়া হৈছে দৰ্শনাৰ্থীৰ বাবে ৷

দৰ্শনাৰ্থীৰ বাবে পুনৰ মুকলি হ'ল শক্তিপীঠ কামাখ্যা ধামৰ দুৱাৰ

কঠোৰ নীতি-নিয়মৰ মাজেৰে দেওবাৰে পুৱা 8 বজাৰ লগে লগে দৰ্শনাৰ্থীৰ বাবে খুলি দিয়া হয় কামাখ্যাৰ মূল প্ৰৱেশদ্বাৰ ৷ মন্দিৰৰ সম্পূৰ্ণ চৌহদ ছেনিটাইজ কৰাৰ লগতে নাৰ্ছাৰীত প্ৰতিগৰাকী দৰ্শনাৰ্থীকে ক'ভিড পৰীক্ষা কৰোৱা হয় ৷ ইপিনে মন্দিৰৰ প্ৰৱেশদ্বাৰ খোলাৰ সমান্তৰালকৈ খোল খালে নীলাচলৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠানো ৷ আনহাতে,মন্দিৰ পৰিচালনা সমিতিয়ে জানিবলৈ দিয়া মতে,ক'ভিড প্ৰট'কলৰ সকলো যাৱতীয় নীতি-নিয়ম মানিহে মন্দিৰ দৰ্শনৰ সুবিধা দিয়া হৈছে দৰ্শনাৰ্থীসকলক ৷

লগতে পঢ়কঃপঞ্জাৱৰ 29 টা সংগঠনক কৃষক আইন সন্দৰ্ভত আলোচনাৰ বাবে আমন্ত্ৰণ কেন্দ্ৰীয় চৰকাৰৰ

Last Updated : Oct 11, 2020, 10:09 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.