গুৱাহাটী, 3 আগষ্ট: অনলাইনত সংগী বিচাৰোতে সাৱধান হওঁক । এতিয়া একাংশ লোক নামি পৰিছে প্ৰৱঞ্চনাত । শেহতীয়াকৈ এগৰাকী যুৱতীৰ লগত অনলাইন বিবাহ ৱেবছাইট Shadi.com যোগে চিনাকি হৈছিল এজন যুৱক । যুৱকজনৰ নাম জিতু ফুকন ৷ স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়া বুলি যুৱতীগৰাকীক চিনাকি দিছিল যুৱকজন । চিনাকি হৈ নানা প্ৰলোভন দি যুৱতীগৰাকীক প্ৰেমৰ জালত পেলাই বিবাহৰ প্ৰস্তাৱ দিছিল কাহিনীৰ নায়ক জিতু ফুকনে ।
যুৱতীগৰাকীও লাহে লাহে বিশ্বাসত ল'বলৈ আৰম্ভ কৰিছিল যুৱকজনক । অতি বিশ্বাসৰ সুযোগতে বিভিন্ন অজুহাত দেখুৱাই যুৱতীগৰাকীৰ পৰা প্ৰায় 75 হাজাৰ টকা সৰকাই যুৱকজনে । কিন্তু অৱশেষত যুৱতীগৰাকীয়ে প্ৰৱঞ্চকটোৰ সকলো ভুৱা কাম কাজ ধৰা পেলাবলৈ সক্ষম হয় । নিজৰ ভুৱা পৰিচয় দি বহু যুৱতীক প্ৰেমৰ জালত পেলাইছিল এই ভণ্ড অনলাইন প্ৰেমীয়ে ।
জানিবলৈ পৰা মতে, জিতু ফুকন আৰু স্বাস্থ্য বিভাগৰ সঞ্চালক বুলি নিজকে পৰিচয় দিয়া অনলাইন প্ৰেমিকজনৰ প্ৰকৃত নাম হৈছে ধৰ্মেশ্বৰ ৰয় ৷ আনহাতে অন্য এগৰাকী যুৱতীৰ পৰা চাৰি লাখ টকা আত্মসাৎ কৰাৰ বিস্ফোৰক মন্তব্য কৰে যুৱতীগৰাকীয়ে ৷ ভুক্তভোগী যুৱতীগৰাকীৰ এজাহাৰৰ ভিত্তিতেই দেওবাৰে জালুকবাৰী আৰক্ষীয়ে লাচিত নগৰৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় এইগৰাকী প্ৰৱঞ্চকক । সম্প্ৰতি জালুকবাৰী আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ।
উল্লেখযোগ্য যে, এনে কাণ্ড কৰি ইতিমধ্যেই ধৰ্মেশ্বৰ ৰয় পূৰ্বতেও দুবাৰকৈ জেলৰ ভাত খাবলগীয়া হৈছে ৷ পিছে এতিয়াও সলনি নহ'ল চৰিত্ৰ ।
লগতে চাওক-ৰাম মন্দিৰৰ আৰ্হিত নিৰ্মাণ হ’ব অযোধ্যা ৰে’লৱে ষ্টেচন