গুৱাহাটী,2জুলাইঃ শেহতীয়াকৈ ৰাজ্যত বৃদ্ধি পাইছে এনকেফেলাইটিছ ৰোগীৰ সংখ্যা ৷ চৰকাৰী তথ্য মতে সমগ্ৰ ৰাজ্যতে জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পালে 28 জনলৈ । এই বছৰৰ তথ্য অনুসৰি অসমত সৰ্বমুঠ জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা হ'ল 100 জন ৷ উল্লেখ্য যে জাপানীজ এনকেফেলাইটিছ ৰোগত সৰ্বাধিক আক্ৰান্ত জিলা হৈছে কামৰূপ গ্ৰাম্য তাৰ পিছতে আছে যোৰহাট, ডিব্ৰুগড় আৰু লখিমপুৰ জিলা । চাওক এক প্ৰতিবেদনঃ
ৰাজ্যত এনকেফেলাইটিছে বজাইছে মৃত্যু ঘণ্টা - জাপানী এনকেফেলাইটিছ
জাপানী এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ বৰপেটাত 5 দিনৰ ভিতৰতে মৃত্যু হ'ল 3 জনকৈ লোকৰ ৷ লগতে কৰিমগঞ্জতো এই পৰ্যন্ত এনকেফেলাইটিছ ৰোগত মৃত্যুৰ সংখ্যা 6 জনলৈ বৃদ্ধি পাইছে ৷ নলবাৰীত বৰ্তমানলৈ ১৩ জন লোক আক্ৰান্ত হৈ মৃত্যু হৈছে ৪ জনৰ ৷ ইপিনে তেজপুৰত ৪১ জনৰ এই ৰোগত আক্ৰান্ত হোৱাৰ বিপৰীতে 21 জন লোকে প্ৰাণ হেৰুৱাইছে ৷ লখিমপুৰ অসামৰিক চিকিৎসালয়ত বৰ্তমান চিকিৎসাধীন হৈ আছে 10 টাকৈ শিশু ৷
ৰাজ্যত এনকেফেলাইটিছে বজাইছে মৃত্যু ঘণ্টা
গুৱাহাটী,2জুলাইঃ শেহতীয়াকৈ ৰাজ্যত বৃদ্ধি পাইছে এনকেফেলাইটিছ ৰোগীৰ সংখ্যা ৷ চৰকাৰী তথ্য মতে সমগ্ৰ ৰাজ্যতে জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পালে 28 জনলৈ । এই বছৰৰ তথ্য অনুসৰি অসমত সৰ্বমুঠ জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা হ'ল 100 জন ৷ উল্লেখ্য যে জাপানীজ এনকেফেলাইটিছ ৰোগত সৰ্বাধিক আক্ৰান্ত জিলা হৈছে কামৰূপ গ্ৰাম্য তাৰ পিছতে আছে যোৰহাট, ডিব্ৰুগড় আৰু লখিমপুৰ জিলা । চাওক এক প্ৰতিবেদনঃ
Intro:
বৰপেটা, ২ জুনঃ বৰপেটাত মৃত্যুদূত জাপানী এনকেফেলাইটিছৰ ভয়াবহতা ৷ জাপানী এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ বৰপেটাত ৫ দিনৰ ভিতৰতে মৃত্যু হ'ল ৩ জনকৈ লোকৰ ৷ মৃত্যু হোৱা লোক তিনিজনৰ ভিতৰত এগৰাকী ১৫ বছৰীয়া কিশোৰী ৷ ৩০ জুনত জিএমছিএইছত চিকিৎসাধীন অৱস্থাত মৃত্যুমুখত পৰে পাঠশালাৰ সমীপৰ বাগনা গাৱৰ প্ৰহ্লাদ দাসৰ কন্যা অংকিতা দাস ৷ Body:আনহাতে ভয়াৱহ জাপানী এনকেফেলাইটিছত আক্ৰান্ত হৈ যোৱা ২৬ জুনত মৃত্যু হয় বৰপেটাৰ সুন্দৰীদিয়া গাৱৰ নিৰলা মালিয়া আৰু গণককুছিৰ মনোৰঞ্জন তালুকদাৰ নামৰ লোক দুগৰাকী ৷ ৭০ বছৰ বয়সীয়া নিৰলা মালিয়া আৰু ৬৫ বছৰীয়া মনোৰঞ্জন তালুকদাৰ নামৰ বৃদ্ধ দুগৰাকী জাপানী এনকেফেলাইটিছত আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয় ৷ বৰপেটা জিলাত এতিয়ালৈকে পোন্ধৰজনতকৈয়ো অধিক লোক জাপানী এনকেফেলাইটিছত আক্ৰান্ত হোৱাৰ লগতে মাথো পাঁচটা দিনৰ ভিতৰতে তিনিগৰাকীকৈ লোকৰ মৃত্যুৰ ঘটনাই শংকিত কৰি তুলিছে বৰপেটা জিলাবাসীক ৷ দিনক দিনে জাপানী এনকেফেলাটিছত আক্ৰান্ত আৰু মৃত্যুমুখত পৰাৰ সংখ্যা বৃদ্ধি হৈ থকাৰ সময়তে বৰপেটা জিলা মেলেৰীয়া বিভাগে মনোৰঞ্জন তালুকদাৰ আৰু নিৰলা মালিয়া নামৰ লোকদুগৰাকী জাপানী এনকেফেলাইটিছৰ বিপৰীতে, 'জাপানী এনকেফেলাইটিছ সদৃশ' ৰোগতহে মৃত্যু হোৱাৰ দাবী কৰিছে ৷
বৰপেটা জিলাত ক্ৰমাৎ ভয়াৱহ ৰূপ লোৱা জাপানী এনকেফেলাইটিছ প্ৰতিৰোধৰ ক্ষেত্ৰত বৰপেটা জিলা মেলেৰীয়া বিভাগে সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে ঠায়ে ঠায়ে ফ'গিঙৰ ব্যৱস্থা হাতত লোৱা বুলিও প্ৰকাশ কৰিছে ৷ পিছে জাপানী এনকেফেলাইটিছ আক্ৰান্ত অঞ্চলসমুহত নামমাত্ৰ ধোঁৱা দিয়েই দায়িত্ব সামৰা বুলিহে অভিযোগ উঠিছে মেলেৰীয়া বিভাগৰ কৰ্মচাৰীৰ বিৰুদ্ধে ৷ ইপিনে বৰপেটা জিলাত প্ৰতি বছৰে জাপানী এনকেফেলাইটিছত আক্ৰান্ত হৈ ৰোগী মৃত্যুমুখত পৰে যদিও ৰাজ্য চৰকাৰে হেনো বিগত দুটা বছৰে যোগান ধৰা নাই ঔষধিযুক্ত আঠুৱা ৷
Conclusion:বাইটঃ জিলা মেলেৰীয়া বিষয়া ৷
বাইটঃ মৃত নিৰলা মালিয়াৰ নাতিল'ৰা ৷
বাইটঃ মৃত মনোৰঞ্জন তালুকদাৰৰ পুত্ৰ ৷
--- বাপকন দাস, বৰপেটা

Last Updated : Jul 3, 2019, 5:37 PM IST