গুৱাহাটী, 30 ডিচেম্বৰ : শীতৰ হাড় কঁপোৱা ঠেৰেঙা লগা জাৰৰ মাজতো নিৰ্বাচনী বতাহত গৰম হৈছে দেৱদাৰু নগৰীৰূপে খ্যাত ঐতিহাসিক কটন বিশ্ববিদ্যালয়ৰ চৌহদ (Cotton University Election 2022) । গৰিমা মণ্ডিত উচ্চ শিক্ষানুষ্ঠাখনত ইতিমধ্যে আৰম্ভ হৈছে নিৰ্বাচনী কাউণ্ট-ডাউন ।
4 জানুৱাৰীত অনুষ্ঠিত হ'বলগা (Cotton University Election will be held on 4th January) কটন ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীসকলে বুধবাৰে দাখিল কৰে মনোনয়ন ৷ বৃহস্পতিবাৰে মনোনয়ন দাখিলৰ অন্তিম দিন ৷
বুধবাৰে বিশ্ববিদ্যালয়ৰ মহেন্দ্ৰ নাথ ডেকা ফুকন ছাত্ৰাৱাস, সীতানাথ ব্ৰহ্ম চৌধুৰী ছাত্ৰাৱাস, ৰজনীকান্ত বৰদলৈ ছাত্ৰাৱাসৰ পৃথকে পৃথকে নিজ নিজ সমৰ্থিত প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ দাখিল কৰে । মনোনয়ন পত্ৰ দাখিলৰ সময়ত ডবা, ঢোল, তালৰ শব্দত পাণবজাৰত সৃষ্টি হয় উৎসৱমুখৰ পৰিৱেশ ৷
এই ভোটগ্ৰহণৰ ফলাফল ঘোষণা কৰা হ’ব 5 জানুৱাৰীত (Cotton Uiversity student union election result) ৷ মুঠ 16 টা পদৰ বাবে অনুষ্ঠিত হৈছে ছাত্ৰ একতা সভাৰ এই নিৰ্বাচন । এইবাৰ সভাপতি, উপ-সভাপতি, সাধাৰণ সম্পাদক, সহ সাধাৰণ সম্পাদক, কটনিয়ানৰ সম্পাদনা পদত মুঠ তিনিজনকৈ প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে । ইতিমধ্যে মুঠ 16 টা বিভাগৰ বাবে 46 গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে ৷
উল্লেখ্য যে, বিগত দুটা বছৰে কটন বিশ্ববিদ্যালয়ত কৰ’ণা মহামাৰীৰ বাবে নিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল ৷ সম্প্ৰতি এই নিৰ্বাচনক কেন্দ্ৰ কৰি কটন বিশ্ববিদ্যালয়ৰ চৌহদ (Cotton University campus) ত বিৰাজ কৰিছে এক উছৱমুখৰ পৰিৱেশ ।
লগতে পঢ়ক : মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ ৰুজু আব্দুল খালেকৰ