ETV Bharat / city

মৰাণত কংগ্ৰেছৰ স্থিতি মজবুত বুলি দৃঢ়তাৰে ক’লে জিলা সম্পাদক বিজিত সন্দিকৈয়ে - মৰাণ বিধানসভা সমষ্টি

ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ ৰাজনৈতিক অৱস্থা বৰ্তমান ঠিক নহয় ৷ এনে অৱস্থাত আগন্তুক নিৰ্বাচন সন্দৰ্ভত দলটোৰ স্থিতি সন্দৰ্ভত নিজৰ মন্তব্য প্ৰকাশ কৰিছে ডিব্ৰুগড় জিলা কংগ্ৰেছৰ সম্পাদক বিজিত সন্দিকৈয়ে ৷

ডিব্ৰুগড় জিলা কংগ্ৰেছৰ সম্পাদক বিজিত সন্দিকৈ

author img

By

Published : Dec 20, 2020, 3:25 PM IST

মৰাণ, 20 ডিচেম্বৰ : ৰাজ্যত এতিয়া প্ৰধান বিৰোধী ৰাজনৈতিক দল কংগ্ৰেছত ব্যাপক খহনীয়া আৰম্ভ হৈছে । তৃণমূলৰ পৰা প্ৰাক্তন মন্ত্ৰী বিধায়ক লৈকে বহু নেতাই দল ত্যাগ কৰি বিজেপিলৈ ঢাপলি মেলিছে । ৰাজ্যৰ প্ৰতিটো সমষ্টিতে ২১ৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিটো ৰাজনৈতিক দলেই ৰাজনৈতিক তৎপৰতা আৰম্ভ কৰিছে যদিও কংগ্ৰেছ দলে দলীয় কণ্ডলতে ব্যস্ত থকা পৰিলক্ষিত হৈছে ।

ৰাজ্যৰ অন্য সমষ্টিৰ সমান্তৰালভাৱে মৰাণ বিধানসভা সমষ্টিতো কংগ্ৰেছ দলৰ কিছু নেতাই দলীয় কামকাজ আৰম্ভ কৰা পৰিলক্ষিত হৈছে । কিন্তু পূৰ্বৰ দৰে মৰাণত কংগ্ৰেছৰ গণ ভিত্তি শক্তিশালী নহয় । তথাপিও শক্তিশালী নেতাই নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিলে বিজেপি দলক তীব্ৰ প্ৰত্যাহ্বান জনোৱাৰ সম্ভাৱনা আছে । মৰাণত কংগ্ৰেছ দলৰ দলীয় স্থিতি সম্পৰ্কে ডিব্ৰুগড় জিলা কংগ্ৰেছৰ সম্পাদক বিজিত সন্দিকৈয়ে ইটিভি ভাৰতৰ আগত নিজৰ মন্তব্য প্ৰকাশ কৰে ৷

ডিব্ৰুগড় জিলা কংগ্ৰেছৰ সম্পাদক বিজিত সন্দিকৈ

তেওঁ কয় যে, "মৰাণত আজিও কংগ্ৰেছৰ গণ ভিত্তি শক্তিশালী হৈ আছে । মৰাণত কংগ্ৰেছৰ অস্তিত্ব বিপন্ন নহয় । কংগ্ৰেছ আজিও শক্তিশালী বিৰোধী ৰাজনীতি দল হৈ আছে ।" মৰাণত পুনৰ দলৰ ভেটি সুদৃঢ় কৰিবলৈ কাম কৰা বুলিও জিলা সম্পাদক জনে জানিবলৈ দিয়ে । সুশান্ত বুঢ়াগোহাঁই বিজেপি দললৈ যাব বুলি চৰ্চা হোৱা বিষয়ে তেওঁ কয় যে, "উজনিৰ শক্তিশালী কংগ্ৰেছী নেতা সুশান্ত বুঢ়াগোহাঁই কেতিয়াও কংগ্ৰেছ দল এৰি অন্য দললৈ যাব নোৱাৰে ।"

উল্লেখ যে ডিব্ৰুগড় জিলা কংগ্ৰেছৰ সম্পাদক বিজিত সন্দিকৈয়ে কংগ্ৰেছ দলৰ পৰা মৰাণ বিধানসভা সমষ্টিত প্ৰতিদন্দিতা কৰিব বুলিও সমষ্টিৰ কংগ্ৰেছ কৰ্মীৰ মাজত চৰ্চা লাভ কৰিছে । পৰৱৰ্তী সময়ত নেতাজনে টিকট লাভ কৰে নাই সেয়া সময়তহে গম পোৱা যাব ।

লগতে পঢ়ক : অজন্তা নেওগৰ বিজেপি গমনক লৈ উত্তপ্ত কংগ্ৰেছ-বিজেপিৰ আভ্যন্তৰীণ ৰাজনীতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.