ETV Bharat / city

Srimanta Sankaradeva University of Health Sciences: ধ্ৰুৱজ্যোতি বৰাক উপাচাৰ্য নিযুক্তি - ধ্ৰুৱজ্যোতি বৰাক উপাচাৰ্য নিযুক্তি

ৰাজ্য চৰকাৰে ডাঃ ধ্ৰুৱজ্যোতি বৰাক শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্যবিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি দিছে । ড৹ বৰাই বিশ্ববিদ্যালয়খন নতুন ধৰণে শক্তিশালী ৰূপত আগবঢ়াই নিয়াৰ বাবে ইতিমধ্যে পৰিকল্পনা গ্ৰহণ কৰিছে ৷

dhrubajyoti-bora-appointed-as-vice-chancellor-of-srimanta-sankaradeva-university-of-health-sciences
বিশিষ্ট চিকিৎসক তথা সাহিত্যিক ড৹ ধ্ৰুৱজ্যোতি বৰা
author img

By

Published : Nov 22, 2021, 8:20 PM IST

Updated : Nov 23, 2021, 7:38 AM IST

গুৱাহাটী, ২২ নৱেম্বৰ : বিশিষ্ট চিকিৎসক তথা সাহিত্যিক ডাঃ ধ্ৰুৱজ্যোতি বৰাক শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্যবিজ্ঞান বিশ্ববিদ্যালয়(Shrimanta Shankardeva University of Health Sciences)ৰ উপাচাৰ্য হিচাপে ৰাজ্য চৰকাৰে নিযুক্তি দিছে । সোমবাৰে ডাঃ বৰাই শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্যবিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য(Vice Chancellor of Shrimanta Shankardeva University of Health Sciences) হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে ৷

বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত ফোনযোগে হোৱা বাৰ্তালাপত ডাঃ বৰাই বিশ্ববিদ্যালয়খন নতুন ধৰণে শক্তিশালী ৰূপত আগবঢ়ায় নিয়াৰ বাবে পৰিকল্পনা থকাৰ কথা ব্যক্ত কৰে । উল্লেখযোগ্য যে, ডাঃ ধ্ৰুৱজ্যোতি বৰা বৰ্তমান মাহেকীয়া আলোচনী গৰীয়সীৰ সম্পাদকৰ দায়িত্ব আছে ।

Srimanta Sankaradeva University of Health Sciences
শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্যবিজ্ঞান বিশ্ববিদ্যালয়

গৰীয়সীৰ সম্পৰ্কত ডাঃ ধ্ৰুৱজ্যোতি বৰাই কয় যে, গৰিয়সীৰ সম্পাদকৰ দায়িত্ব ভৱিষ্যতে পালন কৰি যাম নে নাই সেয়া বৰ্তমানলৈকে চিন্তা কৰা নাই । উল্লেখযোগ্য যে সাহিত্য একাডেমী বঁটা প্ৰাপক ডাঃ ধ্ৰুৱজ্যোতি বৰাই শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্যবিজ্ঞান বিশ্ববিদ্যালয়ৰ (Shrimanta Shankardeva University of Health Sciences) উপাচাৰ্য হিচাপে নিযুক্তি পোৱাৰ পিছতেই ছ’চিয়েল মিডিয়াৰ জৰিয়তে তেওঁৰ গুণমুগ্ধ আৰু শুভাকাংক্ষীসকলে শুভেচ্ছা জনাইছে ।

লগতে পঢ়ক : Assam Cabinet at Bongaigaon: মন্ত্ৰীবৰ্গলৈ মুখ্যমন্ত্ৰীৰ বিশেষ নিৰ্দেশনা

Last Updated : Nov 23, 2021, 7:38 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.