ETV Bharat / city

দুটা ভাগত বিভক্ত হ’ল স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ

author img

By

Published : May 5, 2022, 10:21 PM IST

দুটা বিভাগত বিভক্ত হ'ল ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ (Department of Health and Family Welfare has been divided ) । বৃহস্পতিবাৰে ৰাজ্য চৰকাৰে এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰে ৷

department-of-health-and-family-welfare-has-been-divided-into-two-department
দুটা ভাগত বিভক্ত হ’ল স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ

গুৱাহাটী, 5মে’: দুটা বিভাগত বিভক্ত হ'ল ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ (Department of Health and Family Welfare has been divided ) । এতিয়াৰে পৰা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ উপৰিও নতুনকৈ চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগ এটা কৰা হৈছে । এই সন্দৰ্ভত বৃহস্পতিবাৰে ৰাজ্য চৰকাৰে এক নিৰ্দেশনা জাৰি কৰে ।

নিৰ্দেশনা অনুসৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনত থাকিব স্বাস্থ্য সেৱা সঞ্চালকালয়, স্বাস্থ্য সেৱা সঞ্চালকালয় (পৰিয়াল কল্যাণ), আয়ুস সঞ্চালকালয়, ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন, খাদ্য সুৰক্ষা আৰু ড্ৰাগছ প্ৰশাসন, অসম ৰাজ্যিক এইডচ নিয়ন্ত্রণ সমিতি আৰু সকলো নাৰ্চিং স্কুল ।

আনহাতে চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ অধীনত থাকিব চিকিৎসা শিক্ষা সঞ্চালকালয়, সকলো মেডিকেল কলেজ আৰু হাস্পতাল, ডেণ্টেল কলেজ, নাৰ্চিং কলেজ, ফাৰ্মাছী আৰু পেৰা মেডিকেল প্ৰতিষ্ঠানসমূহৰ লগতে চৰকাৰী আয়ুৰ্বেদিক আৰু হেমিঅ'পেথি কলেজ, আসাম কেন্সাৰ কেয়াৰ ফাউণ্ডেচন ।

তদুপৰি থাকিব অটল অমৃত অভিযান চ'ছাইটি, প্ৰধানমন্ত্রী জন আৰোগ্য যোজনা, ৰাজ্যিক কৰ্মচাৰীৰ স্বাস্থ্য আঁচনি, আসাম হেল্থ চিষ্টেম ষ্ট্ৰেনথেনিং প্ৰজেক্ট চ'ছাইটি, শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ লগতে মেডিকেল শিক্ষা আৰু গৱেষণা সম্পৰ্কীয় সকলো প্ৰতিষ্ঠান ।

এতিয়াৰে পৰা দুয়োটা বিভাগে লাভ কৰা দায়িত্ব অনুসৰি কাম কৰিব । উল্লেখ্য যে, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ বোজা কিছু লাঘৱ কৰাৰ বাবে আৰু এটা নতুন বিভাগ কৰা হৈছে ।

লগতে পঢ়ক : দিছপুৰ মহাবিদ্যালয়ৰ নামত ভুৱা mail ID প্ৰস্তুত কৰি ৭৬ লাখ টকা হৰলুকি কৰিলে কোনে ?

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.