ETV Bharat / city

Education during Pandemic: স্কুল খােলাৰ পূর্বে ক'ভিডত মৃত্যুৰ সংখ্যা বৃদ্ধিকলৈ উদ্বিগ্ন স্বাস্থ্য-শিক্ষা বিভাগ - Health department concerned over increase covid related deaths

পুনৰ বিপাঙত পৰিছে ৰাজ্যৰ স্বাস্থ্য- শিক্ষা বিভাগ ৷ আগন্তুক 15 ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ খোলাৰ বাবে ৰাজ্যৰ সাজু হৈছে (Assam schools to reopen from February 15) যদিও পুনৰ ক’ভিড পৰিস্থিতিৰ বাবে থমকিছে ৰাজ্য চৰকাৰ ৷ পঢ়ক সবিশেষ ...

govt-is-concerned-abou-the-rising-number-of-covid-deaths-before-schools-opening
স্কুল খােলাৰ পূর্বে ক'ভিডত মৃত্যুৰ সংখ্যা বৃদ্ধিকলৈ উদ্বিগ্ন স্বাস্থ্য-শিক্ষা বিভাগ
author img

By

Published : Feb 5, 2022, 4:34 PM IST

Updated : Feb 5, 2022, 4:56 PM IST

গুৱাহাটী, 5 ফেব্ৰুৱাৰী : ৰাজ্যত ক’ভিড সংক্ৰমণৰ হাৰ ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰাত আগন্তুক 15 ফেব্ৰুৱাৰীৰ পৰা শিক্ষানুষ্ঠান খোলাৰ বাবে সাজু হৈছে ৰাজ্য চৰকাৰ (Assam schools to reopen from February 15) ৷ কিন্তু শিক্ষানুষ্ঠান খোলাৰ পূৰ্বে ক’ভিডত মৃত্যু হোৱা ৰোগীৰ সংখ্যা বৃদ্ধিয়ে উদ্বিগ্ন কৰি তুলিছে স্বাস্থ্যবিভাগৰ লগতে শিক্ষা বিভাগক ৷ ক'ভিডত মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক অফলাইনত পাঠদান দিয়াৰ বিষয়টো নিৰীক্ষণত ৰাখিছে স্বাস্থ্য বিভাগে । এই বিষয়টো লৈ স্বাস্থ্য বিভাগ আৰু শিক্ষা বিভাগৰ বিষয়ববীয়াসকলে সঘনে জৰুৰী আলোচনাত মিলিত হৈছে ।

বিগত এপষেক ধৰি ৰাজ্যত দৈনিক গড়ে 20 জনকৈ ক’ভিড ৰোগীৰ মৃত্যু হৈছে । এনে পৰিস্থিতিত প্ৰাথমিক শ্ৰেণীৰ বিদ্যালয় খোলাক লৈ চিন্তিত হৈ পৰিছে ৰাজ্য চৰকাৰ । ৰাজ্যত অ'মিত্ৰণৰ সংক্ৰমণ আৰম্ভ হোৱাৰ সময়ত ক’ভিডত দৈনিক মৃত্যুৰ সংখ্যা শূন্যলৈ নামি আহিছিল যদিও সম্প্ৰতি প্ৰতিদিনেই 18-20 জনকৈ ৰোগীৰ মৃত্যু হৈছে । স্বাস্থ্য বিভাগৰ পৰা লাভ কৰা তথ্য অনুসৰি বিগত এসপ্তাহত 133 জন ক’ভিড ৰোগীয়ে প্ৰাণ হেৰুৱাইছে । শুকুৰবাৰৰ দিনটোত ৰাজ্যত 15 জন ক’ভিড ৰোগীৰ মৃত্যু হয় । ক'ভিডৰ তিনিওটা ঢৌত এতিয়ালৈ ৰাজ্যত সৰ্বমুঠ 7,480 জন ৰোগীৰ মৃত্যু হৈছে ।

আনহাতে বিগত 24 ঘণ্টাত ৰাজ্যত ক’ভিডত আক্ৰান্ত হৈছে 739 জন লোক । ইয়াৰ ভিতৰত গুৱাহাটীৰ 165 জন, যোৰহাটৰ 59 জন, লখিমপুৰৰ 54 জন আৰু গোলাঘাটৰ 53 জন । যোৰহাট আৰু কামৰূপ মহানগৰত শুকুৰবাৰৰ দিনটোত তিনিজনকৈ ক’ভিড ৰোগীৰ মৃত্যু হোৱাৰ বিপৰীতে গোলাঘাট, শিৱসাগৰ আৰু শোণিতপুৰত দুজনকৈ ৰোগীৰ মৃত্যু হৈছে । উল্লেখ যে 25 জানুৱাৰীৰ পৰা ক'ভিড আক্ৰান্তৰ হাৰ 10 শতাংশৰ তললৈ নামি আহিছে যদিও মৃত্যুৰ সংখ্যা হ্ৰাস পোৱা নাই । 25 জানুৱাৰীৰ দিনা আক্ৰান্তৰ হাৰ আছিল 9.61 শতাংশ আৰু মৃত্যু হৈছিল 19 জন লোকৰ ।

সেইদৰে 26 জানুৱাৰীৰ দিনা ক'ভিডত 21 জন লোকে প্ৰাণ হেৰুওৱাৰ বিপৰীতে আক্ৰান্তৰ হ‍াৰ আছিল 9.85 শত‍াংশ । 27 জানুৱাৰীৰ দিনা আক্ৰান্তৰ হাৰ আছিল 8.28 শতাংশ আৰু প্ৰাণ হেৰুৱাইছিল 20 জন লোকে । 28 জানুৱাৰীৰ দিনা কৰ'ণাত 21 জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আক্ৰান্তৰ হাৰ আছিল 6.96 শতাংশ । 29 জানুৱাৰীৰ দিনা 22 জন লোকে প্ৰাণ হেৰুৱায় আৰু আক্ৰান্তৰ হাৰ আছিল 6.41 শতাংশ । 30 জানুৱাৰীৰ দিনা আক্ৰান্তৰ হাৰ আছিল 6.95 শতাংশ আৰু 20 জন লোকে প্ৰাণ হেৰুৱায় ।

31 জানুৱাৰীৰ দিনা ক'ভিডত 19 জন লোকে প্ৰাণ হেৰুওৱাৰ বিপৰীতে আক্ৰান্তৰ হাৰ আছিল 4.66 শতাংশ । 1 ফেব্ৰুৱাৰীৰ দিনা আক্ৰান্তৰ হাৰ আছিল 4 শতাংশ আৰু মৃত্যু হৈছিল 20 জন লোকৰ । 2 ফেব্ৰুৱাৰীৰ দিনা ক'ভিডত 18 জন লোকৰ মৃত্যু হয় আৰু আক্ৰান্তৰ হাৰ আছিল 3.08 শতাংশ । 3 ফেব্ৰুৱাৰীৰ দিনা আক্ৰান্তৰ হাৰ আছিল 3.04 শতাংশ আৰু মৃত্যু হয় 19 জন লোকৰ । আনহাতে 4 ফেব্ৰুৱাৰীৰ দিনা আক্ৰান্তৰ হাৰ 2.67 শতাংশলৈ হ্ৰাস পাই যদিও 15 জন লোকৰ মৃত্যু হয় । আক্ৰান্তৰ সংখ্যা হ্ৰাস পাইছে যদিও মৃত্যুৰ সংখ্যা এতিয়াও চিন্তনীয় হৈ আছে ।

লগতে পঢ়ক : আধ্যাত্মিক পৰিবেশে বিৰাজ কৰিছে মৰাণ মহাবিদ্যালয়ত

Last Updated : Feb 5, 2022, 4:56 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.