ETV Bharat / city

বান পৰিস্থিতিক লৈ চৰকাৰক সমালোচনা দেৱব্ৰত শইকীয়াৰ - সাহায্য

বৰ্তমান সমগ্ৰ অসমৰ প্ৰায় 28 খন জিলা বানাক্ৰান্ত । কিন্তু কেন্দ্ৰীয় চৰকাৰৰ বঞ্চনা তথা ৰাজ্য চৰকাৰৰ হেমাহিৰ বাবে অসমৰ বানাক্ৰান্ত ৰাইজে যি সাহায্য পাব লাগিছিল তাৰ পৰা বঞ্চিত হৈছে । এই অভিযোগ ৰাজ্যৰ বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ।

DEBABRAT SAIKIA ON ASSAM FLOOD SITUATION
ৰাজ্যৰ বান পৰিস্থিতিক লৈ চৰকাৰক সমালোচনা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ
author img

By

Published : Jul 17, 2020, 8:19 PM IST

নিউজ ডেস্ক, ১৭ জুলাই: বিগত ২০১৭ বৰ্ষত সেইসময়ৰ বছৰটোৰ তৃতীয় বানপানীয়ে ৰাজ্যত আতংকৰ সৃষ্টি কৰাৰ পিছত ১ আগষ্ট তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসম ভ্ৰমণ কৰি উত্তৰ পূবৰ বাবে বিশেষ ২৩.৫০ কোটি টকাৰ এক পেকেজ ঘোষণা কৰি ব্ৰহ্মপুত্ৰৰ নদীৰ গতিবিধি লক্ষ্য কৰাৰ বাবে বেলেগকৈ ১০০ কোটি টকাৰ এক প্ৰকল্প ও ঘোষণা কৰিছিল । লগতে সেই সময়তে অসমৰ বানপীড়িত সকলৰ বাবে আছুতীয়াকৈ ৩০০ কোটি টকাৰ এটা পেকেজ ঘোষণা কৰিছিল যদিও বৰ্তমানলৈ ৰাষ্ট্ৰীয় দুৰ্যোগ পুঁজিৰ পৰা এটকাও পাবলৈ সক্ষম নহ'ল অসম চৰকাৰে ।

ৰাজ্যৰ বান পৰিস্থিতিক লৈ চৰকাৰক সমালোচনা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ

পূৰ্বৰ পাব লগীয়া ধনে এতিয়ালৈকে অসম চৰকাৰে পোৱা নায় । তেনে স্থলত পুনৰ বানাক্ৰান্ত ৰাইজক চৰকাৰে বৰ্তমান কিদৰে সাহায্য দিব,ই এক চিন্তনীয় বিষয় । এই দৰে ক'লে বিৰোধী দলপতি গৰাকীয়ে ।

বিৰোধী দলৰ হাতত থকা সমষ্টি সমূহটো বাদেই,বিজেপিৰ নিজৰ দলৰ সমষ্টিবোৰতে বানৰ কবলত পৰা জনসাধাৰণক সাহায্য প্ৰদান কৰিব পৰা নাই চৰকাৰখনে । নিৰ্বাচনৰ পূৰ্বে "ডাবল ইঞ্জিনৰ" চৰকাৰ অসমৰ ৰাইজে পাব বুলি ভাষণ দিয়া বিজেপি দলৰ নেতৃত্বাধীন চৰকাৰখনে এতিয়া পাবলগীয়া ধনখিনিকে এতিয়ালৈকে আহৰণ কৰিবলৈ সক্ষম নোহোৱাটো অতিশয় দুখৰ বিষয় বুলি বৰ্ণনা কৰিলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ।

বিৰোধী দলপতিগৰাকীয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আহ্বান জনাই কলে, অতি শীঘ্ৰে ৰাজ্য চৰকাৰে কেন্দ্ৰৰ পৰা পাবলগীয়া ধন মোকলাই দিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনাওঁক ।

লগতে চাওকঃ অৱশেষত আৰক্ষীৰ জালত কুখ্যাত তেলচোৰ জিতেন গগৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.