গুৱাহাটী, 9 আগষ্ট : হোজাই বিধানসভা সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱে ৰাজহুৱা স্থানত অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক,অধ্যাপক,অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা ভাৰত চৰকাৰৰ দ্বাৰা পদ্মশ্ৰী আৰু পদ্মভূষণ সন্মানেৰে বিভূষিত কৰা প্ৰয়াত চৈয়দ আব্দুল মালিক সন্দৰ্ভত কৰা মন্তব্যক গৰিহণা দিয়ে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ।
আব্দুল মালিকক বৌদ্ধিক জেহাদী বুলি কৰা মন্তব্যই শিলাদিত্য দেৱৰ নিকৃষ্ট মনোভাৱ তথা জ্ঞানৰ অভাৱক সকলোৰে আগত উদঙাই দিলে বুলি কয় দেৱব্ৰত শইকীয়াই । সেয়েহে তেওঁৰ ওপৰত শীঘ্ৰে শাস্তি মূলক ব্যৱস্থা গ্ৰহণ কৰাৰো দাবী কৰি মুখ্যমন্ত্ৰীক আহ্বান জনাই বিৰোধী দলপতিগৰাকীয়ে ।
ইয়াৰ আগতেও পশ্চিমবংগৰ গাৰ্গ ছেটাৰ্জীয়ে চাওলুং চুকাফাৰ ওপৰত কৰা অপমান সূচক মন্তব্যৰ বাবে আজিও তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ অসম চৰকাৰ সক্ষম নহ'ল । শিলাদিত্য দেৱ তথা গাৰ্গ ছেটাৰ্জীৰ নিচিনা যিবোৰ ব্যক্তিয়ে অসমত বিষবাষ্প বিয়পাবলৈ চেষ্টা কৰি আছে তেওঁলোকৰ ওপৰত কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ দাবী জনায় ।
লগতে চাওক-উত্তৰাখণ্ডত উদ্ধাৰ দুষ্প্ৰাপ্য ৰেড ক’ৰেল কুক্ৰি সাপ