ETV Bharat / city

স্থানীয় যুৱক-যুৱতীক সেনাবাহিনীত নিয়োজিত কৰিব CRPFএ - চিআৰপিএফৰ নিয়োগ প্ৰশিক্ষণ শিবিৰ

সেনা বাহিনী-অৰ্ধ সামৰিক বাহিনীত নিয়োগৰ লক্ষ্যৰে নুনমাটিত স্থানীয় যুৱক-যুৱতীৰ প্ৰশিক্ষণ(CRPF training camp) ৷ গুৱাহাটী মহানগৰীৰ ভিন্ন প্ৰান্তৰ প্ৰায় 30 জন যুৱক-যুৱতীক দুই মাহৰ বাবে চি আৰ পি এফৰ পুঁজিৰে প্ৰদান কৰা হ’ব প্ৰশিক্ষণ ।

CRPF conduct a recruitment training camp at Guwahati
স্থানীয় যুৱক-যুৱতীক সেনাবাহিনীত নিয়োজিত কৰিব CRPFএ
author img

By

Published : Dec 29, 2021, 10:04 PM IST

গুৱাহাটী, ২৯ ডিচেম্বৰ : সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত চি আৰ পি এফৰ 128 নং বেটেলিয়ানৰ উদ্যোগত বুধবাৰে মহানগৰীৰ নুনমাটিৰ চেক্টৰ 3 ৰ চি আৰ পি এফ শিবিৰত শিক্ষিত নিবনুৱা যুৱক-যুৱতীক সামৰিক-অৰ্ধসামৰিক বাহিনীত নিয়োগৰ উদ্দেশ্যে এক প্ৰশিক্ষণ কাৰ্যসূচীৰ ৰূপায়ন কৰা হয় । নুনমাটিস্থিত চি আৰ পি এফৰ 128 নং বেটেলিয়ানৰ অধিনায়ক বিনয় ছেত্ৰীয়ে বন্তি প্ৰজ্বলন কৰি এই প্ৰশিক্ষণ কাৰ্যসূচীৰ উদ্বোধন কৰে ।

প্ৰশিক্ষণ কাৰ্যসূচীৰ লগত সংগতি ৰাখি অয়োজন কৰা এই বিশেষ অনুষ্ঠানত উপস্থিত থাকি চি আৰ পি এফৰ অধিনায়ক বিনয় ছেত্ৰী(CRPF captain Vinay Shetty)য়ে কয় যে, সামাজিক দায়বদ্ধতা আঁচনিৰ অংশ হিচাপে চি আৰ পি এফে অসমৰ বিভিন্ন প্ৰান্তত উন্নয়নমূলক কাম কৰি আহিছে । বিশেষকৈ নিবনুৱা যুৱক-যুৱতীক চৰকাৰী চাকৰিত নিযুক্তিৰ ক্ষেত্ৰত চি আৰ পি এফে সদায় গুৰুত্ব প্ৰদান কৰি অহাৰ কথা অধিনায়কগৰাকীয়ে সদৰি কৰে ৷

চিআৰপিএফৰ 128নং বেটেলিয়ানৰ অধিনায়ক বিনয় ছেত্ৰী

অধিনায়ক বিনয় ছেত্ৰীয়ে এই প্ৰশিক্ষণৰ জৰিয়তে গুৱাহাটী মহানগৰীৰ ভিন্ন প্ৰান্তৰ প্ৰায় 30 জন যুৱক-যুৱতীক দুই মাহৰ বাবে চি আৰ পি এফৰ পুঁজিৰে প্ৰশিক্ষণ প্ৰদান কৰাৰ কথা জানিবলৈ দিয়ে । তেওঁ লগতে কেৱল গুৱাহাটীতেই নহয়, ৰাজ্যৰ ভিন্ন প্ৰান্তত এই আঁচনিৰ অধীনত শিক্ষিত যুৱক-যুৱতীক চৰকাৰী চাকৰিত মকৰল হ’ব পৰাকৈ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব বুলিও উল্লেখ কৰে ।

লগতে পঢ়ক : Nagaland firing incident: নাগালেণ্ডৰ ঘটনাস্থলী পৰিদৰ্শন সেনাৰ তদন্তকাৰী দলৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.