ETV Bharat / city

শতবৰ্ষ গৰকা বিদ্যালয়ক লৈ কি পৰিকল্পনা কমলপুৰৰ বিধায়কৰ ?

author img

By

Published : May 19, 2021, 7:48 PM IST

কমলপুৰ সমষ্টিৰ দুটা শিক্ষাখণ্ডৰ অন্তৰ্গত শতবৰ্ষ গৰকা বিদ্যালয় সমূহ চিনাক্ত কৰি একোখনকৈ আদৰ্শ বিদ্যালয় হিচাপে গঢ় দিয়াৰ প্ৰচেষ্টা বিধায়ক দিগন্ত কলিতাৰ ৷ গৰমৰ বন্ধৰ পিছত কমলপুৰ সমষ্টিৰ বিদ্যালয়সমূহৰ প্ৰধান শিক্ষককে ধৰি অন্যান্য শিক্ষকসকলক সময়মতে বিদ্য়ালয়ত উপস্থিত থকাৰ আহ্বান ৷

শতবৰ্ষ গৰকা বিদ্যালয়ক লৈ কি পৰিকল্পনা কমলপুৰৰ বিধায়কৰ ?
শতবৰ্ষ গৰকা বিদ্যালয়ক লৈ কি পৰিকল্পনা কমলপুৰৰ বিধায়কৰ ?শতবৰ্ষ গৰকা বিদ্যালয়ক লৈ কি পৰিকল্পনা কমলপুৰৰ বিধায়কৰ ?

বাহহাটা, 19 মে': প্ৰথমবাৰৰ বাবে 2021 চনৰ বিধানসভা নিৰ্বাচনত জয়ী হৈ ব্যাপক তৎপৰ হৈ পৰিছে কমলপুৰ সমষ্টিৰ বিজেপি বিধায়ক দিগন্ত কলিতা ৷ জয়ী হৈ সমষ্টিত থকা বিভিন্ন সমস্যাসমূহ সমাধান কৰাৰ বাবে প্ৰাথমিক পৰ্যবেক্ষণত নামি পৰিছে বিধায়কগৰাকীয়ে ৷

সমষ্টিটোৰ ৰাস্তা-ঘাট, খোৱাপানীৰ সমস্যা দূৰ কৰাৰ লগতে কমলপুৰ সমষ্টিৰ দুটা শিক্ষাখণ্ডৰ অন্তৰ্গত শতবৰ্ষ গৰকা বিদ্যালয় সমূহ চিনাক্ত কৰি একোখনকৈ আদৰ্শ বিদ্যালয় হিচাপে গঢ় দিয়াৰ প্ৰচেষ্টা হাতত লোৱা হৈছে বুলি মন্তব্য কৰে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই । কিয়নো শতবৰ্ষ গৰকা বিদ্যালয়সমূহ স্বাধীনতাৰ আগতে স্থাপিত হোৱা, সেয়ে এই বিদ্যালয়সমূহ মডেল স্কুল হিচাপে ল’ব লাগে বুলি শিক্ষা বিষয়া গৰাকীক প্ৰপোজেল দিয়া বুলিও উল্লেখ কৰে বিধায়কগৰাকীয়ে ৷

শতবৰ্ষ গৰকা বিদ্যালয়ক লৈ কি পৰিকল্পনা কমলপুৰৰ বিধায়কৰ ?

ক’ভিডৰ পৰৱৰ্তী সময়ত শিক্ষক সকলে যাতে কৰ্তব্যত গাফিলতি নকৰে, তাক লৈ কঠোৰ সকিয়নি দিয়ে বিধায়ক দিগন্ত কলিতাই । গৰমৰ বন্ধৰ পিছত কমলপুৰ সমষ্টিৰ বিদ্যালয়সমূহৰ প্ৰধান শিক্ষককে ধৰি অন্যান্য শিক্ষকসকলে যাতে সময় মতে বিদ্যালয়ত উপস্থিত থাকে, তাৰ আহ্বান জনাই বিধায়ক গৰাকীয়ে । ক’ভিডৰ আতংকৰ শেষ হোৱাৰ পাছতে কমলপুৰ সমষ্টিটোত এখন কাৰিকৰি মহাবিদ্যালয় হওক বা অন্য এখন বিশ্ববিদ্যালয় স্থাপনৰো পৰিকল্পনা আছে বুলি উল্লেখ কৰে বিধায়ক দিগন্ত কলিতাই ।

কৰ’ণাৰ এই সময়ছোৱাত বিধায়কগৰাকীয়ে নিজে মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুজিলৈ ৫০ হাজাৰ টকা আগবঢ়াই আৰু ৰাইজকো যথাসম্ভৱ সাহাৰ্য আগবঢ়োৱাৰ আহ্বান জনায় বিধায়কগৰাকীয়ে ৷

লগতে পঢ়ক : মিজোবাসীক সহায়ৰ বাবে আগবাঢ়ি আহিছে প্ৰজেক্ট ফ্লেছলাইট ২১

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.