গুৱাহাটী, 18 আগষ্ট : মঙলবাৰে গুৱাহাটী ক্লাৱত চিপিআইএমে এক অৱস্থান ধৰ্মঘট কাৰ্যসুচী ৰূপায়ন কৰে ৷ জাতীধ্বংসী কা, EIA প্ৰত্যাহাৰৰ দাবীত এই প্ৰতিবাদী কাৰ্যসুচী ৰূপায়ন কৰে ৷
![কা বাতিলৰ দাবীত চিপিআইএমৰ প্ৰতিবাদ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-ghy-804-18august-cpimprotest-pic-as10003lipikadeka_18082020173752_1808f_1597752472_125.jpg)
ইয়াৰ উপৰিও অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদতো বিক্ষোভ সাব্যস্ত কৰে ৷ সংগঠনটোৰ দাবী চৰকাৰে অতিশীঘ্ৰে কা বাতিল কৰক,মূল্যবৃদ্ধি নিয়ন্ত্ৰন কৰক ৷ কোভিড-19 সংক্ৰান্তত অভিযোগ উঠা সমস্ত দুৰ্নীতিৰ উচ্চস্তৰীয় তদন্ত ঘোষণা কৰিব লাগে বুলি দাবী জনায় সংগঠনটোৱে ৷
![গুৱাহাটী ক্লাৱত চিপিআইএমৰ প্ৰতিবাদ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-ghy-804-18august-cpimprotest-pic-as10003lipikadeka_18082020173752_1808f_1597752472_372.jpg)
বানত মৃত্যুবৰণ কৰা লোকৰ পৰিয়ালকক 25 লাখকৈ ক্ষতিপুৰণ দিবলৈ আহ্বান জনায় বামপন্থী দলটোৱে ৷ ইয়াৰ উপৰিও পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধি ৰোধ কৰা,বাঘজান ঘটনাৰ তদন্তকে আদি কৰি মুঠ 15 টা দাবী তোলে সংগঠনটোৱে ৷
লগতে পঢ়কঃ কৰিমগঞ্জত চিপিআইএম ৰ প্ৰতিবাদ