ETV Bharat / city

গো-সুৰক্ষা আইনৰ বিৰোধিতা CPI(M)ৰ - msme

গো-সুৰক্ষা আইন প্ৰত্যাহাৰৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদৰ আহ্বান চি পি আই ( এম) দলৰ ৷ ইয়াৰোপৰি এক সংবাদমেল সম্বোধন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত মন্তব্য আগবঢ়ায় দলটোৱে ৷

cpi-m-reaction-on-assam-cattle-preservation-act-2021
গো সুৰক্ষা বিধেয়কৰ বিৰুদ্ধে CPI(M)
author img

By

Published : Aug 31, 2021, 10:17 PM IST

গুৱাহাটী, ৩১ আগষ্ট : গো সুৰক্ষা বিধেয়কৰ বিৰুদ্ধে ১৪ চেপ্টেম্বৰত ৰাজ্যজুৰি প্ৰতিবাদৰ আহ্বান চি পি আই(এম)ৰ। এই কথা মঙলবাৰে মহানগৰীৰ হেদায়াৎপুৰৰ দলটোৰ ৰাজ্যিক কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰিছে চি পি আই ( এম)ৰ ৰাজ্যিক কমিটিৰ সম্পাদক দেবেন ভট্টাচাৰ্যই । তেওঁ কয় যে বিৰোধী দলসমূহৰ ঐক্যবদ্ধ প্ৰতিবাদক নেওচি বিজেপি নেতৃত্বাধীন অসম চৰকাৰে অসম বিধান সভাত গোসুৰক্ষা বিধেয়ক ২০২১ গ্ৰহণ কৰিলে ৷

গো সুৰক্ষা বিধেয়কৰ বিৰুদ্ধে CPI(M)

ইয়াৰ বিৰুদ্ধে ৰাজ্যখনৰ গো-পালক আৰু খেতিয়কাকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে । এই বিধেয়কখনৰ জৰিয়তে যুক্তিহীনভাৱে গো পৰিবহণ, ক্ৰয় তথা বিক্ৰয়ৰ ওপৰত ব্যাপক নিষেধাজ্ঞা জাৰী কৰা হৈছে । ফলত ৰাজ্যখনৰ গ্ৰাম্য অৰ্থনীতি সাংঘাটিকভাৱে ক্ষতিগ্ৰস্ত হ’ব ।

গোপালক আৰু খেতিয়কসকলক আৰ্থিকভাৱে অপূৰণীয় ক্ষতিৰ মুখত পৰিব । এই আইন ভংগকাৰী বুলি অভিযুক্ত সকলকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ অজুহাতত পুলিচৰাজ আৰু স্বৈৰতান্ত্ৰিক ব্যৱস্থা গঢ়ি তোলাৰ পথ প্ৰশস্ত কৰা হৈছে বুলিও তেওঁ অভিযোগ কৰে ।

অসম যে এখন পৰম্পৰাগতভাৱে মিশ্ৰ জনবসতিৰ ৰাজ্য তাক সম্পূৰ্ণ আওকাণ কৰি হিন্দু ধৰ্মালম্বী ধৰ্মীয় প্ৰতিষ্ঠানৰ ৫ কিলোমিটাৰ ব্যাসাৰ্ধত গো-মাংস ক্ৰয়-বিক্ৰয় নিষিদ্ধ কৰা হৈছে বুলি তেওঁ মন্তব্য কৰে । এনে অবিবেচক পদক্ষেপে গৰু কিনা-বেচাৰ প্ৰক্ৰিয়া গুৰুতৰ ভাৱে হ্ৰাস কৰিব ৷ পৰিণতিত হিন্দু -মুছলমান নিৰ্বিশেষে সকলো গো-পালক আৰু খেতিয়কে আৰ্থিকভাৱে লোকচান ভৰিব লাগিব বুলিও অভিযোগ কৰে চিপিআইএম নেতা গৰাকীয়ে ।

অসমৰ ক্ৰমবৰ্ধমান গো-পালন বা ডেইৰী খণ্ডৰ বাবে অত্যন্ত ক্ষতিকাৰক বুলি আখ্যা দি অসমৰ দুৰ্বল গাঁৱলীয়া অৰ্থনীতিক আৰু বেছি দুৰ্যোগৰ মাজলৈ ঠেলি, সাম্প্ৰদায়িক আৰু ভাৰতীয় সংবিধানৰ মৌলিক নীতিৰ পৰিপন্থী অভিযোগ আনি এই বিধেয়কখনৰ বিৰুদ্ধে চি পি আই( এম)ৰ অসম ৰাজ্যিক কমিটিয়ে পোষেকজোৰা প্ৰচাৰ আৰু প্ৰতিবাদী আন্দোলনৰ কাৰ্যসূচীও ঘোষণা কৰে ।

তদুপৰি ১ ছেপ্টেম্বৰৰ পৰা চি পি আই (এম)ৰ কৰ্মীসকলে গোপালক আৰু খেতিয়কসকলৰ ওচৰলৈ গৈ অসম গো সুৰক্ষা বিধেয়ক ২০২১ সম্পৰ্কে দলে প্ৰকাশ কৰা প্ৰচাৰ পত্ৰিকা বিতৰণ কৰিব আৰু বিধেয়কখনৰ ক্ষতিকাৰক দিশসমূহ ব্যাখ্যা কৰিব । প্ৰচাৰ অভিযানৰ অন্তত ১৪ ছেপ্টেম্বৰত জিলা সদৰসমূহত এই বিধেয়ক বাতিলৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী সংগঠিত কৰিব ।

আনহাতে, চিপিআই (এম)ৰ ৰাজ্যিক কমিটিয়ে ন-দফীয়া দাবী চনদৰ ভিত্তিত ৰাজ্যজুৰি গণ আন্দোলন গঢ়ি তোলাৰ প্ৰস্তুতি চলাইছে । দাবী সমূহ হৈছে খাদ্য সামগ্ৰী আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম হ্ৰাস কৰা, পেট্ৰল ডিজেলৰ ওপৰত লগোৱা কেন্দ্ৰীয় আৱকাৰী শুল্ক হ্ৰাস কৰা, আয়কৰৰ আওতাত নপৰা সকলো পৰিয়ালক বিনামূলীয়া চাউল আৰু দাইল, আটা,চেনি, নিমখ আদিৰ খাদ্যৰ টোপলা যোগান ধৰক, লকডাউনত বিপৰ্যস্ত সকলো পৰিয়ালক নগদ ধনৰ সহায় আগবঢ়োৱাৰ অভিযোগ কৰে ।

ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ অথবা, ব্যৱসায় প্ৰতিষ্ঠানসমূহক ঋণ নহয়, আৰ্থিক সাহাৰ্য আগবঢ়োৱাৰ লগতে পৰ্যাপ্ত ভেকচিন যোগান ধৰি শীঘ্ৰে সকলোকে ভেকচিন দিয়াটো নিশ্চিত কৰাৰ দাবী জনায় । ইয়াৰোপৰি, ছাত্ৰ - শিক্ষক- কৰ্মচাৰীক অগ্ৰাধিকাৰৰ ভিত্তিত ভেকচিন দিয়া, ৰাজহুৱা খণ্ডৰ বেচৰকাৰীকৰণ বন্ধ কৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰ বেচৰকাৰীকৰণৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ লগতে কৃষি আইন ৩খন বাতিল কৰাৰো দাবী জনায় দলটোৱে ৷

লগতে পঢ়ক : ভূপেন বৰাৰ সৈতে গোপন বৈঠক নৱ শৰণীয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.