গুৱাহাটী, ৩১ ডিচেম্বৰ : অহা ৩ জানুৱাৰীৰ পৰা আৰম্ভ কৰা হ'ব ১৫ বছৰৰ পৰা ১৮ বছৰৰ কিশোৰ-কিশোৰীসকলৰ প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া (Covid vaccination for students) । এই বিষয়ত আলোচনা কৰিবলৈ শুকুৰবাৰে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই (Kamrup DC Pallav Gopal Jha) জিলাখনৰ বিদ্যালয়সমূহৰ প্ৰধান শিক্ষকসকলৰ লগত এখন সভা অনুষ্ঠিত কৰে । জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এই সভাত জিলা স্বাস্থ্য বিভাগক বিদ্যালয় কৰ্তৃপক্ষৰ লগত আলোচনা কৰি আগতীয়াকৈ সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ উপায়ুক্তই নিৰ্দেশ দিয়ে ৷
ইয়াৰ লগতে শিক্ষকসকলক ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰতিষেধক গ্ৰহণৰ সজাগতা সৃষ্টিৰ বাবেও আহ্বান জনায় উপায়ুক্তগৰাকীয়ে (Covid vaccination awarness program) । প্ৰতিখন বিদ্যালয়ৰ ১৫ বছৰৰ পৰা ১৮ বছৰৰ ভিতৰৰ ছাত্ৰ-ছাত্ৰীৰ আগতীয়াকৈ এখন তালিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দি উপায়ুক্তগৰাকীয়ে কয় যে, ক’ভিডৰ পৰা ৰক্ষাৰ বাবে শিক্ষক-শিক্ষয়িত্ৰীসকলে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত প্ৰতিষেধক গ্ৰহণ কৰাৰ বাবে সজাগতা সৃষ্টি কৰিব লাগিব ।
অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) ড৹ ধ্ৰুৱজ্যোতি হাজৰিকাই ২০০৭ চন অথবা তাৰ আগত জন্মগ্ৰহণ কৰা সকলো ছাত্ৰ-ছাত্ৰীক ক’ভিড প্ৰতিষেধক গ্ৰহণৰ বাবে উপযুক্ত হ’ব বুলি সভাত উল্লেখ কৰে । অতিৰিক্ত উপায়ুক্ত সুস্বপ্না কাকতিৰ উপৰি বিদ্যালয় পৰিদৰ্শক, জিলা স্বাস্থ্য বিভাগৰ বিষয়-ববীয়াসকলে সভাত অংশগ্ৰহণ কৰে ।
লগতে পঢ়ক: Covid vaccination for students: শিক্ষা বিভাগৰ বিশেষ নিৰ্দেশনা জাৰি