ETV Bharat / city

ক'ভিডৰ ফলত পিতৃ-মাতৃহাৰা হোৱা শিক্ষাৰ্থীসকলৰ বাবে কটন বিশ্ববিদ্যালয়ৰ বিশেষ ব্যৱস্থা - ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়

ক'ভিডৰ ফলত পিতৃ-মাতৃহাৰা হোৱা শিক্ষাৰ্থীসকলৰ বাবে কটন বিশ্ববিদ্যালয়ৰ ফালৰ পৰা 2021-22 বৰ্ষৰ স্নাতক আৰু স্নাতকোত্তৰ শিক্ষাৰ্থীসকলৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ এই বিশেষ ব্যৱস্থাৰ অধীনত যিসকল ছাত্ৰ-ছাত্ৰীয়ে কটনত নামভৰ্তি কৰিব বিচাৰে তেওঁলোকে আগন্তুক 15 নৱেম্বৰৰ ভিতৰত এখন আবেদন পত্ৰ আৰু যোগ্যতা পৰীক্ষাৰ প্ৰমাণপত্ৰ কটনৰ ছাত্ৰ কল্যাণ বিভাগলৈ প্ৰেৰণ কৰিব লাগিব ।

cotton university takes steps to student who lost their parents in covid pandemic
ক'ভিডৰ ফলত পিতৃ-মাতৃহাৰা হোৱা শিক্ষাৰ্থীসকলৰ বাবে কটন বিশ্ববিদ্যালয়ৰ বিশেষ ব্যৱস্থা
author img

By

Published : Nov 10, 2021, 7:34 PM IST

গুৱাহাটী , 10 নৱেম্বৰ : ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয় সদায়ে প্ৰস্তুত থাকে বিভিন্নজনক সহায় কৰিবলৈ ৷ উল্লেখ্য যে ক'ভিড মহামাৰীৰ ফলত ভালেকেইজন কটনিয়ানে হেৰুৱাছিল নিজৰ পিতৃ-মাতৃক ৷ এই শিক্ষাৰ্থীসকলৰ বাবে কটন বিশ্ববিদ্যালয়ে গ্ৰহণ কৰিছে এক বিশেষ ব্যৱস্থা ৷

ক'ভিডৰ ফলত পিতৃ-মাতৃহাৰা হোৱা শিক্ষাৰ্থীসকলৰ বাবে কটন বিশ্ববিদ্যালয়ৰ ফালৰ পৰা 2021-22 বৰ্ষৰ স্নাতক আৰু স্নাতকোত্তৰ শিক্ষাৰ্থীসকলৰ বাবে এক বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ এই বিশেষ ব্যৱস্থাৰ অধীনত যিসকল ছাত্ৰ-ছাত্ৰীয়ে কটনত নামভৰ্তি কৰিব বিচাৰে তেওঁলোকে আগন্তুক 15 নৱেম্বৰৰ ভিতৰত এখন আবেদন পত্ৰ আৰু যোগ্যতা পৰীক্ষাৰ প্ৰমাণপত্ৰ কটনৰ ছাত্ৰ কল্যাণ বিভাগলৈ প্ৰেৰণ কৰিব লাগিব ।

আবেদন পত্ৰৰ সৈতে শিক্ষাৰ্থীগৰাকীয়ে পিতৃ বা মাতৃৰ মৃত্যুৰ কাৰণ কভিড-19 বুলি উল্লেখ কৰা চিকিৎসা প্ৰমাণপত্ৰ এখনো লগত গাঠি দিব লাগিব ৷ লগতে এই বিশেষ নামভৰ্তি প্ৰক্ৰিয়াত প্ৰয়োজনীয় নথি পত্ৰসমূহ স্কেন কৰি ec.ug@cottonuniversity.ac.in (স্নাতক) আৰু ec.pg@cottonuniversity.ac.in (স্নাতকোত্তৰ) ত ইমেইলযোগে আবেদনকাৰী সকলে প্ৰেৰণ কৰিব লাগিব ।

লগতে পঢ়ক : পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ত ৰোগীৰ হাহাকাৰ পৰিস্থিতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.