গুৱাহাটী, ৪ ডিচেম্বৰ : অসমত ৰাজনৈতিক প্ৰত্যাহ্বানৰ মুখামুখি হ'ব পৰাকৈ দলৰ সকলো স্তৰৰ নেতা-কর্মীসকলক প্ৰস্তুত কৰি তোলাৰ অৰ্থে প্ৰদেশ কংগ্ৰেছে ১৫ ডিচেম্বৰৰ পৰা ১৭ ডিচেম্বৰলৈ গুৱাহাটীত তিনিদিনীয়াকৈ 'আকৌ নতুন প্ৰভাত হ'ব’ শীর্ষক এক প্ৰশিক্ষণ শিৱিৰৰ আয়োজন কৰিছে । নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সিদ্ধান্তমৰ্মে প্ৰদেশ কংগ্ৰেছে অনুষ্ঠিত কৰিবলৈ লোৱা তিনিদিনীয়া এই শিবিৰত ৰাজ্যখনৰ বিভিন্ন স্তৰৰ প্ৰায় পাঁচ শতাধিক কংগ্ৰেছ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব কৰিব ।

গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ'বলগীয়া এই শিৱিৰৰ যাৱতীয় প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে । ‘আকৌ নতুন প্ৰভাত হ'ব' শীর্ষক তিনিদিনীয়া প্ৰশিক্ষণৰ কালত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বর্তমানৰ সাংসদ পি চিদাম্বৰম, নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক (সাংগঠনিক) কে চি বেণুগোপাল আৰু নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা অসম প্ৰদেশৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিং বিশেষ অতিথি হিচাপে উপস্থিত থাকিব । প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষণ প্ৰদান কৰিব নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ প্ৰশিক্ষণ বিভাগৰ কেইবাগৰাকীও বিশিষ্ট সমল ব্যক্তিৰ এটা দলে ।

ৰাজ্যৰ কংগ্ৰেছ দলৰ সাংসদ, প্ৰাক্তন সাংসদ, বিধায়ক, প্ৰাক্তন বিধায়ক, প্ৰাক্তন মন্ত্ৰী, নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ অন্তর্ভুক্ত অসমৰ সদস্যসকল, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সদস্যসকল, সকলো জিলা কংগ্ৰেছ কমিটীৰ সভাপতি, সকলো ব্ল’ক কংগ্ৰেছৰ সভাপতি, ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বী কংগ্ৰেছ প্ৰাৰ্থী, অসমৰ কংগ্ৰেছৰ ভাতৃ-ভগ্নী সংগঠনৰ মুৰব্বী, অসম প্ৰদেশ কংগ্ৰেছৰ বিভিন্ন কোষ আৰু বিভাগৰ মুৰব্বী, সকলো জিলা পৰিষদৰ সভাপতি আৰু উপ-সভাপতি, ৰাজ্যৰ বিভিন্ন স্বায়ত্ব শাসিত বিধান পৰিষদৰ প্ৰাক্তন আৰু বৰ্তমানৰ সদস্যসকলে এই তিনিদিনীয়া বিশেষ প্ৰশিক্ষণত অংশ ল'ব ।

অসমৰ পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছৰ ভেঁটি অধিক শক্তিশালী কৰি তুলিবলৈ এনে প্ৰশিক্ষণৰ আয়োজন কৰা হৈছে বুলি প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই জানিবলৈ দিয়ে । বিশেষকৈ কংগ্ৰেছৰ নেতা-কর্মীসকলক মানসিকভাৱে, বৌদ্ধিকভাৱে অধিক সক্ৰিয় আৰু সৱল কৰি তোলাৰ উদ্দেশ্যেই 'আকৌ নতুন প্ৰভাত হ’ব’ শীর্ষক এই প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হৈছে ।
লগতে পঢ়ক : MLA Training Camp: মুম্বাইৰ পিছত এইবাৰ দিছপুৰত বিধায়কৰ প্ৰশিক্ষণ