ETV Bharat / city

অতি শীঘ্ৰে পেপাৰ মিল পুনৰোজ্জীৱিত কৰকঃ দেৱব্ৰত শইকীয়া - নগাঁও আৰু কাছাৰ

অতি শীঘ্ৰে নগাঁও আৰু কাছাৰ পেপাৰ মিল দুটা কাৰ্যক্ষম কৰিবলৈ আহ্বান জনাইছে কংগ্ৰেছ দলৰ দলপতি দেৱব্ৰত শইকীয়াই প্ৰধান মন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰে ।

Congress Leader Debabrat Saikia Written A Latter for Prime Minister Narendra Modi
অতি শীঘ্ৰে পেপাৰ মিল পুনৰ্জীৱিত কৰকঃদেৱব্ৰত শইকীয়া
author img

By

Published : Jun 29, 2020, 10:39 PM IST

গুৱাহাটী, 29 জুনঃ নগাঁও আৰু কাছাৰ পেপাৰ মিল দুটাৰ ঋণ পৰিশোধ কৰি তথা কৰ্মচাৰী সকলৰ বকেয়া-দৰমহা পৰিশোধ কৰি পুনৰ্জীৱিত কৰিবলৈ অনুৰোধ জনাই প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ পত্ৰ প্ৰেৰণ কৰে বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই । প্ৰধান মন্ত্ৰীলৈ প্ৰেৰণ কৰা পত্ৰ খনত কেইবাটাও গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰে দলপতি দেৱব্ৰত শইকীয়াই ৷

অতি শীঘ্ৰে পেপাৰ মিল পুনৰ্জীৱিত কৰকঃদেৱব্ৰত শইকীয়া

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ প্ৰেৰণ কৰা পত্ৰ খনত উল্লেখ কৰা কথা কেইটা সাংবাদিকৰ আগত এই বুলি সদৰি কৰে যে, কেন্দ্ৰীয় চৰকাৰে কাগজ কল দুটাৰ ঋণ পৰিশোধ কৰি ইচ্ছুক যথা- যোগ্য পুনৰ কাম আৰম্ভ কৰিবলৈ অনুমতি প্ৰদান কৰক । নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে সমগ্ৰ ৰাইজৰ আগত এই কল দুটা পুনৰ্জীৱিত কৰাৰ প্ৰতিশ্ৰুতি দিছিল তথা বর্তমান অসম চৰকাৰেও বিগত সময়চোৱাত নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত এই কাগজ কল দুটা পুনৰ্জীৱিত কৰা হ'ব বুলি বাৰাম্বাৰ আশ্বাস দিছিল । কিন্তু আজিলৈকে কোনো পদক্ষেপ ন'ললে চৰকাৰ খনে ।

অসম চৰকাৰৰ উদ্যোগ মন্ত্ৰী পাটোৱাৰী ডাঙৰীয়াই কৈছিল যে, ৮০০ কোটি টকাৰ এটা পেকেজ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কাৰ্য্যালয়ৰ পৰা এই কল দুটাৰ নামত আৱন্তন কৰা হৈছে । তাৰোপৰি কেন্দ্ৰীয় গুৰু উদ্যোগ তথা ৰাজহুৱা প্ৰতিস্থান বিভাগৰ মন্ত্ৰীয়ে এই‌ কল দুটা পুনৰোজ্জীৱিত কৰাৰ নিমিত্তে ২০১৪-১৫ পৰা ২০১৭-১৮' সময়চোৱাত ৪,৯৪১ কোটি টকা আৱণ্টন দিয়াৰ কথা কৈছিল, কিন্তু আজিলৈকে এটকাও নাপালে । কাগজ কল দুটাৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষ ভাৱে জড়িত প্ৰায় দুই লাখ পৰিয়াল এতিয়া জীৱিকাৰ পৰা বঞ্চিত হ'ব লগীয়া হৈছে আৰু প্ৰায় ৬৭জন কৰ্মচাৰীৰ অকাল মৃত্যু তথা ৩ জনকৈ কৰ্মচাৰীয়ে আত্মহত্যাৰ পথ বাচি ল'বলৈ বাধ্য হৈছে ।

কাগজ কল দুটা চলি থাকোঁতে স্থানীয় লোকে প্ৰায় ৮ লাখ মেট্ৰিক টন বাঁহ বছৰি যোগান ধৰিছিল আৰু এতিয়া এই কল দুটা বন্ধ হৈ যোৱাৰ ফলত সেই উপার্জনৰ পৰাও এই সকল লোক বঞ্চিত হ'বলগীয়া হৈছে । লগতে যিহেতু এতিয়া কোভিড-১৯ মহামাৰীৰ বাৰে অসমৰ লগতে সমগ্ৰ দেশৰ অর্থনীতি ক্ষতিগ্ৰস্ত হৈছে । গতিকে এনে পৰিস্থিতিত নগাঁও আৰু কাছাৰ কাগজ কল দুটা পুনৰ কার্যক্ষম কৰিব পাৰিলে ভাৰতৰ অৰ্থনীতি উর্ধগামী হোৱাৰ লগতে নিয়োগৰ হাৰো বৃদ্ধি হ'ব আৰু চীনৰ লগত থকা বাণিজ্যিক সম্বন্ধও হ্ৰাস পাব বুলি উল্লেখ কৰে ।

লগতে পঢ়ক- মূল্যবৃদ্ধিৰ বিৰুদ্ধে তিনিচুকীয়া আৰু শিৱসাগৰত কংগ্ৰেছৰ প্ৰতিবা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.