ETV Bharat / city

বাঘজান তৈলখাদৰ অগ্নিকাণ্ডৰ চি বি আই তদন্তৰ দাবী কংগ্ৰেছৰ

author img

By

Published : Jun 10, 2020, 10:06 PM IST

যোৱা ১৪ দিনে তিনিচুকীয়া জিলাৰ বাঘজানস্থিত তৈলখাদত জুই নুমুৱাবলৈ ৰাজ্য তথা কেন্দ্ৰ চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰি এই অগ্নিকাণ্ডৰ চিবিআই তদন্তৰ দাবী জনাইছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে । বৃহস্পতিবাৰে বাঘজান তৈলখাদৰ অগ্নিকাণ্ডৰ লগতে কেইবাটাও দাবী লৈ ৰাজ্যপালক সাক্ষাৎ কৰিব কংগ্ৰেছ দলে ।

বাঘজান তৈলখাদৰ অগ্নিকাণ্ডৰ চি বি আই তদন্তৰ দাবী কংগ্ৰেছৰ
বাঘজান তৈলখাদৰ অগ্নিকাণ্ডৰ চি বি আই তদন্তৰ দাবী কংগ্ৰেছৰ

গুৱাহাটী, 10 জুন : যোৱা ১৪ দিনে তিনিচুকীয়া জিলাৰ বাঘজানস্থিৰ তৈলখাদত জুই নুমুৱাবলৈ ৰাজ্য তথা কেন্দ্ৰ চৰকাৰে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ দলে ৷ এই গুৰুতৰ অভিযোগ উত্থাপন কৰি অগ্নিকাণ্ডৰ চিবিআই তদন্তৰ দাবী জনাইছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে । ঘটনা সন্দৰ্ভত বৃহস্পতিবাৰে বাঘজান তৈলখাদৰ অগ্নিকাণ্ডৰ লগতে কেইবাটাও দাবী লৈ ৰাজ্যপালক সাক্ষাৎ কৰিব দলে ।

বুধবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মুখ্য কাৰ্যালয়ত কংগ্ৰেছ দলৰ ক'ৰ কমিটীৰ এখন বৈঠক অনুষ্ঠিত হয় । অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুন বৰাকে আদি কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, নগাঁৱৰ সাংসদ প্ৰদ্যুত বৰদলৈ, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, ভুবনেশ্বৰ কলিতা, ৰকিবুল হুছেইনৰ লগতে কেইবাগৰাকী নেতা উপস্থিত থাকে ক'ৰ কমিটীৰ বৈঠকত ।

বৈঠকৰ অন্তত প্রাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে জানিবলৈ দিয়ে যে, তিনিচুকীয়াৰ বাঘজানত তৈলখাদত সংঘটিত হোৱা অগ্নিকাণ্ডই ভয়াৱহ ৰূপ ধাৰণ কৰাৰ মূলতে হৈছে চৰকাৰখনৰ ব্যৰ্থতা । যোৱা ১৪ দিনে অগ্নিকাণ্ড সংঘটিত হৈ আছে কিন্তু ৰাজ্যৰ বিজেপি চৰকাৰে হওক বা কেন্দ্ৰৰ বিজেপি চৰকাৰে হওক, এই ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে । চৰকাৰৰ গুৰুত্বহীনতাৰ ফলতে আজি এই অগ্নিকাণ্ডত দুজনকৈ লোকৰ মৃত্যু হোৱাৰ লগতে বাঘজান অঞ্চলবাসী আতংকিত হৈ আছে । মুখ্যমন্ত্ৰী গৰাকীয়ে মাস্ক বিতৰণ কৰিবলৈও হেলিকেপ্টাৰত যায় কিন্তু মুখ্যমন্ত্ৰীগৰাকীৰ বাঘজানলৈ যোৱাৰ সময় আজিলৈকে নহ'ল বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক তীব্ৰ সমালোচনা কৰে তৰুণ গগৈয়ে । বাঘজান ঘটনা সন্দৰ্ভৰ লগতে অন্যান্য কিছুমান বিষয়ক লৈ বৃহস্পতিবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুন বৰাৰ নেতৃত্বত কংগ্ৰেছ দলৰ কেইবাগৰাকী নেতাই ৰাজ্যপালক সাক্ষাৎ কৰি স্মাৰকপত্ৰ প্ৰদান কৰিব বুলিও জানিবলৈ দিয়ে তৰুণ গগৈয়ে ।

ইফালে বৈঠকৰ অন্তত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় যে বাঘজান অগ্নিকাণ্ড ভয়াবহ ৰূপ ধাৰণ কৰাৰ আঁৰত চৰকাৰখনৰ ব্যৰ্থতা আছে । আমি এই ঘটনাৰ চিবিআই তদন্তৰ দাবী জনাইছো । উল্লেখযোগ্য যে, আজি কংগ্ৰেছ দলৰ ক'ৰ কমিটীৰ বৈঠকত এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হোৱাও বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়কঃ খাদ্যৰ অভাৱত বাঘজানৰ আশ্ৰয় শিবিৰত থকা লোকৰ মাজত হাহাকাৰ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.