গুৱাহাটী, ১৮ এপ্ৰিলঃ বহিঃৰাজ্যত আৱদ্ধ হৈ থকা অসমৰ লোকসকলে যাতে কেনো ধৰণৰ অসুবিধা নাপায় তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে ইতিমধ্যে কেতবোৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে । ইতিমধ্যে লকডাউনৰ বাবে বিভিন্ন ৰাজ্যত আৱদ্ধ হৈ থকা অসমৰ লোকসকলৰ বাবে এটা হেল্পলাইন নম্বৰো চৰকাৰে মুকলি কৰিছে ।
আনহাতে, শনিবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পাঁচখন ৰাজ্য ক্ৰমে গুজৰাট, কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, কেৰালা আৰু ৰাজস্থানৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে টেলিফোনযোগে এক বাৰ্তালাপত মিলিত হয় আৰু তেওঁলোকক আহ্বান জনাই যাতে সেই ৰাজ্য সমূহত আৱদ্ধ হৈ থকা অসমৰ লোকসকলে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ প্ৰতি যেন দৃষ্টি ৰাখে ।
অনুৰূপভাবে আটাইকেেইগৰাকী মুখ্যমন্ত্ৰীক সোণোৱালে এই আশ্বাসো প্ৰদান কৰে যে অসমত থকা সেইখন ৰাজ্যৰ লোকসকলেও যাতে কোনো কষ্ট নাপাই তাৰ প্ৰতি অহৰ্নিশে চকু ৰাখিব অসম চৰকাৰে ।
লগতে পঢ়কঃ লক ডাউনঃ কেবাগৰাকী বিশিষ্ট ব্যক্তি সৈতে টেলিফোনিক বাৰ্তালাপ মুখ্যমন্ত্ৰী সোণোৱালৰ