ETV Bharat / city

মুখ্যমন্ত্ৰী সোণোৱালে প্ৰদান কৰিলে পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ বঁটা

author img

By

Published : Dec 21, 2020, 9:45 PM IST

জিলা আৰু উন্নয়ন কাৰ্যালয়ৰ 28 গৰাকী বিষয়াক সোমবাৰে বঁটা প্ৰদান কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয় ।

পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ বটা প্ৰদান
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

গুৱাহাটী, 21 ডিচেম্বৰ : পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত সমগ্ৰ অসমতে ৰূপায়িত হৈ থকা আঁচনিসমূহৰ অগ্ৰগতিৰ ওপৰত ভিত্তি কৰি বিভাগে ৰাজ্যিক পৰ্যায়ৰ বঁটাৰ বাবে নিৰ্বাচিত কৰা জিলা আৰু উন্নয়ন কাৰ্যালয়ৰ 28 গৰাকী বিষয়াক সোমবাৰে বঁটা প্ৰদান কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয় ।

বঁটা প্ৰদান অনুষ্ঠানত ভাগ লৈ মুখ্যমন্ত্ৰী সোণোৱালে কয় যে, গ্ৰাম্যাঞ্চলৰ জনসাধাৰণৰ বাবে থকা আঁচনিসমূহৰ জৰিয়তে যদি হিতাধিকাৰীসকল সঠিকভাৱে উপকৃত হয় তেন্তে তেওঁলোকৰ মনত গভীৰ প্ৰত্যয়ৰ সূচনা হ'ব । খণ্ড উন্নয়ন বিষয়াসকলে তেওঁলোকৰ এলেকাৰ নিৰ্বাচিত জনপ্ৰতিনিধি, গাঁওবুঢ়া তথা অন্যান্য বিষয়াসকলৰ সৈতে এটা টীম হিচাপে কাম কৰাৰ মানসিকতাৰে আগবাঢ়ি যাব লাগিব ।

অনুষ্ঠানত ভাগ লৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ দলেয়ে কয় যে, বিভাগে প্ৰতিটো স্তৰৰ জনসাধাৰণ উপকৃত হোৱাকৈ বিভিন্ন আঁচনি ৰূপায়ণ কৰি আহিছে ।

লগতে পঢ়ক : মঙলবাৰে উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিব বিপিএফৰ লেখ আবেদনৰ শুনানি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.