গুৱাহাটী, ২৯ মে': ৰাজ্যত ৭ জুনৰ পৰা আনলক প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ ইংগিত দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । শুকুৰবাৰে অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত মুখ্যমন্ত্ৰী শৰ্মাই কয়, সামান্য আনলক প্ৰক্ৰিয়া ৭ জুনৰ পৰা সম্ভৱ হ’ব পাৰে, কিন্তু সম্পূৰ্ণ আনলক প্ৰক্ৰিয়া ১৫ জুনৰ ভিতৰত সম্ভৱ নহয় ।
আনহাতে ক'ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি হোৱা সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, মৃত্যুৰ সংখ্যাৰ ক্ষেত্ৰত প্ৰথম যেতিয়া ক'ভিড হয় তেতিয়া কেচ ধৰা পৰিলেও মানুহৰ মৃত্যু নহয় । কিন্তু শেষৰ ফালে ক'ভিড আক্ৰান্তৰ সংখ্যা কমে কিন্তু মৃত্যুৰ সংখ্যা বাঢ়ে ।
কিন্তু কিছুদিন পাছত মৃত্যুৰ সংখ্যা হ্ৰাস পাব । হাস্পতালত বহু ৰোগীয়ে ১০-১৫ দিন সংগ্ৰাম কৰি থাকে । ক'ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা যেতিয়া দ্ৰুতগতিত কমি যাব তেতিয়া মৃত্যুৰ সংখ্যাও লাহে লাহে কমি যাব ।
৫-৬ দিনৰ ভিতৰত ক'ভিডত আক্ৰান্ত হৈ মৃত্যুৰ সংখ্যা নিম্নগামী হোৱা দেখা পোৱা যাব । প্ৰতিষেধকৰ নাটনি সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় প্ৰতিদিনে অসমত ৬০ হাজাৰকৈ প্ৰতিষেধক প্ৰদান কৰি থকা হৈছে ।
অসমত ৪০ লাখ লোকে ইতিমধ্যে ভেকচিন লৈছে । জুলাই মাহত ভেকচিনৰ উৎপাদন দুগুণ হৈ যাব । ডিচেম্বৰৰ ভিতৰত ভাৰতৰ প্ৰতিজন ব্যক্তিয়ে ভেকচিনৰ দুটা ড’জ লাভ কৰিব পাৰিব ।
ইফালে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ক'ভিডৰ ব্যয়বহুল চিকিৎসা সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ চিকিৎসা ব্যয়ৰ মূল্য ৩ জুনৰ পাছত ঠিক কৰা হ'ব । ইতিমধ্যে এই সন্দৰ্ভত কমিটী গঠন কৰা হৈছে । ব্যক্তিগত খণ্ডৰ হাস্পতালৰ নিৰিখ নিয়ন্ত্ৰণ কৰা হ'ব ।
লগতে পঢ়ক : নগাঁৱক ড্ৰাগছমুক্ত কৰিবলৈ যিকোনো পন্থা অৱলম্বন কৰিব আনন্দ মিশ্ৰই