ETV Bharat / city

CM Visit Covid Care Centre: সৰুসজাই ষ্টেডিয়ামৰ ক'ভিড কেয়াৰ চেণ্টাৰত মুখ্যমন্ত্রী - Covid situation in Assam

শুকুৰবাৰে ৰাজ্যৰ শেহতীয়া ক’ভিড পৰিস্থিতিৰ বুজ লয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Covid situation in Assam) ৷ ক'ভিড পৰিস্থিতিয়ে ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰাত ক’ভিডৰ বিৰুদ্ধে যুঁজিবলৈ যুদ্ধকালীন প্ৰস্তুতি চলাইছে ৰাজ্য চৰকাৰে ৷

CM Visit Covid Care Centre
সৰুসজাই ষ্টেডিয়ামৰ ক'ভিড কেয়াৰ চেণ্টাৰত মুখ্যমন্ত্রী
author img

By

Published : Jan 14, 2022, 10:43 PM IST

গুৱাহাটী, ১৪ জানুৱাৰী: ৰাজ্যৰ ক'ভিড পৰিস্থিতি ক্ৰমাৎ অধিক জটিল হৈ পৰিছে (Covid situation in Assam)। দৈনিক হাজাৰ হাজাৰ লোক ক'ভিডত আক্ৰান্ত হৈছে । বিশেষকৈ গুৱাহাটী মহানগৰীৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে । গুৱাহাটী মহানগৰীত সম্ভাব্য ক'ভিড পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সাজু হৈছে স্বাস্থ্য বিভাগ ।

শুকুৰবাৰে নিশা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী মহানগৰীৰ ক'ভিড পৰিস্থিতিৰ লগতে ক’ভিডৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰস্তুতি সম্পৰ্কে বুজ লয় । মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামৰ ৫৬০খন বিচনাযুক্ত ক'ভিড কেয়াৰ চেণ্টাৰত উপস্থিত হৈ বৰ্তমানৰ পৰিস্থিতিৰ পৰ্যালোচনা কৰে (CM Himanta Biswa Sarma visit Covid care centre) ।

CM Visit Covid Care Centre
সৰুসজাই ষ্টেডিয়ামৰ ক'ভিড কেয়াৰ চেণ্টাৰত মুখ্যমন্ত্রী

বৰ্তমান চেণ্টাৰটোত ১৯০গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে । মুখ্যমন্ত্ৰীয়ে বিষয়াসকলক প্ৰতিগৰাকী ৰোগীৰ বাবে সৰ্বশ্ৰেষ্ঠ সেৱা নিশ্চিত কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে ।

লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে, ইতিমধ্যে ৰাজ্যত বৰ্ধিত ক'ভিড সংক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ প্ৰস্তুতি বৃদ্ধি কৰা হৈছে । লগতে এনে পৰিস্থিতিত সকলো ধৰণৰ আৱশ্যকতা পূৰণৰ বাবে স্বাস্থ্যসেৱা ব্যৱস্থা বৰ্তমান সাজু আছে ৷ মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত, জি এম চি এইচৰ অধ্যক্ষ, স্বাস্থ্য বিভাগৰ মুখ্য সচিব, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ পৰিচালন সঞ্চালক আৰু অন্যান্য বিষয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক: প্ৰধানমন্ত্ৰীৰ ত্ৰিপুৰা ভ্ৰমণৰ পিছতে ৰাজ্যখনত অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে নেকি ক’ভিড সংক্ৰমণ ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.