ETV Bharat / city

অপৰাধ অনুসন্ধান শাখাৰ জিম্মাত পিকে দত্ত

author img

By

Published : Oct 7, 2020, 1:52 PM IST

ইতিমধ্যেই উলুবাৰীস্থিত CIDৰ কাৰ্য্যালয়ত দত্তক চলাই থকা হৈছে মাৰাথন জেৰা ৷ অসম আৰক্ষীৰ উপ-পৰিদৰ্শক প্ৰশ্নকাকত ফাদিলৰ খলনায়ক পিকে দত্ত ৷

অপৰাধ অনুসন্ধান শাখাৰ জিম্মাত পিকে দত্ত
অপৰাধ অনুসন্ধান শাখাৰ জিম্মাত পিকে দত্ত

নিউজ ডেস্ক, 7 অক্টোবৰ : CIDৰ কাৰ্য্যালয়লৈ অনাৰ পিচতে স্বাস্থ্য পৰীক্ষা পি কে দত্তৰ ৷ মহানগৰীত স্বাস্থ্য পৰীক্ষা কৰা হয় পি কে দত্তৰ ৷ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত কোভিড-19 পৰীক্ষা দত্তৰ ৷ CIDৰ দলৰ কটকটীয়া নিৰাপত্তাৰ মাজেৰে স্বাস্থ্য পৰীক্ষা দত্তৰ ৷ স্বাস্থ্যপৰীক্ষাৰ অন্তত দত্তৰ কোভিড-19 ফলাফল নিগেটিভ ৷ স্বাস্থ্য় পৰীক্ষাৰ পিচতেই CIDৰ দলে নিজৰ জিম্মাত লয় দত্তক ৷ ইতিমধ্যেই উলুবাৰীস্থিত CIDৰ কাৰ্য্যালয়ত দত্তক চলাই থকা হৈছে মাৰাথন জেৰা ৷ অসম আৰক্ষীৰ উপ-পৰিদৰ্শক প্ৰশ্নকাকত ফাদিলৰ খলনায়ক পিকে দত্ত ৷ প্ৰাক্তন আৰক্ষী বিষয়াগৰাকী ভাৰত-নেপাল সীমান্তৰ পৰা গ্ৰেপ্তাৰ হৈছিল ৷

অপৰাধ অনুসন্ধান শাখাৰ জিম্মাত পিকে দত্ত

প্ৰায় 15 দিনৰ পিছত আৰক্ষীৰ জালত পৰিল SI কেলেংকাৰীৰ এজন মূল অভিযুক্ত প্ৰাক্তন DIG পি কে দত্ত । অসম আৰক্ষীয়ে নেপালত থকাৰ তথ্য লাভ কৰাৰ পিছত ভাৰত চৰকাৰৰ অনুসন্ধানকাৰী সংস্থাৰ সৈতে CID LOCKOUT CIRCULATION TEAM এটা গঠন কৰে । এই টীমে লাভ কৰে বিশেষ সফলতা । ভাৰত-নেপাল সীমান্তৰ কাকৰভিটাত সীমান্ত সুৰক্ষা বাহিনীয়ে আটক কৰে পলাতক পি কে দত্তক । নেপালৰ BORDER GUARDING FORCEএ আটক কৰি পিছত পশ্চিমবংগ আৰক্ষীক গতাই দিয়ে । মংগলবাৰে অসম আৰক্ষীৰ এটা দলে পশ্চিমবংগ আৰক্ষীৰ পৰা নিজৰ জিম্মাত লয় পি কে দত্তক । তাৰ পিছতেই পোনে পোনে কোকৰাঝাৰ আৰক্ষীৰ এটা দলে দত্তক চিৰাং জিলাৰ সদৰস্থিত আৰক্ষী জিৰণিশালালৈ লৈ আনে ৷ ইয়াৰ পৰাই গুৱাহাটীৰ উলুবাৰীস্থিত অপৰাধ তদন্ত বিভাগলৈ ADGP জি পি সিঙৰ নেতৃত্বত দত্তক গুৱাহাটীলৈ অনা হয় ।

লগতে পঢ়ক : গুৱাহাটীলৈ অনা হ'ল SI পৰীক্ষা কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড পি কে দত্তক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.