নিউজ ডেস্ক, 3 নৱেম্বৰঃ
বিলাসীপাৰাৰ গৌৰাং নৈৰ পাৰত ষট্ পূজা
দেশ তথা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বিলাসীপাৰাতো দেওবাৰে পুৱতি নিশাৰে পৰা আনন্দ উচাহৰ মাজেৰে উদযাপন কৰা হয় ষট্ পূজা। বিলাসীপাৰাৰ বামুনপাৰাত গৌৰাং নৈৰ পাৰত ষট্ পূজা উপলক্ষে প্ৰায় দহ সহস্ৰাধিক ভক্তৰ সমাগম পৰিলক্ষিত হয় । বিগত ৩৬ বছৰ ধৰি গৈৰাং নৈৰ পাৰত দুদিনীয়াকৈ উদযাপন কৰি অহা হৈছে ষট্ পূজা |
উল্লেখ্য যে, অকল বিহাৰী সম্প্ৰদায়ৰ লোকেই নহয় বিলাসীপাৰাৰ ষট্ পূজা ঘাটত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকেও পূজাথলীত সম উচাহ-উদ্দীপনাৰে অংশ গ্ৰহণ কৰাও পৰিলক্ষিত হয় | পূজাথলীত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে স্থানীয় বিধায়ক অশোক কুমাৰ সিংহী, বিলাসীপাৰাৰ মহকুমাধিপতি মৃদুল যাদৱ প্ৰমুখ্যে কেবাগৰাকী বিশিষ্ট নাগৰিক |
মৰিগাঁৱৰ বিভিন্ন স্থানত ষটপূজাৰ আয়োজন
মৰিগাঁও জিলাৰ জাগীৰোড, ভূৰাগাঁও, ভকতগাঁও ,ঝাৰগাঁও জালুগুটি, চৰাইবাহী আদি বিভিন্ন প্ৰান্তৰত অনুষ্ঠিত হয় বিহাৰী সম্প্ৰদায়ৰ লোকসকলৰ ষট্পূজা । এই উপলক্ষে মৰিগাঁও মৰিবিলৰ মালপোতা ঘাটত পুৱতি নিশাৰ পৰা উলহ মালহৰে পালন কৰা হয় ষট্ পূজা ।
লগতে পঢ়কঃ বিলাসীপাৰাত গাঁঠিৰ ধন ভাঙি ৰাইজে নিৰ্মাণ কৰিলে বাঁহৰ সাঁকো
বিশ্বনাথত ষট্ পূজাৰ দেওবাৰে সামৰণি
শনিবাৰৰ পৰা আৰম্ভ হোৱা হিন্দু ধৰ্মালম্বী লোকৰ ষট্ পূজাৰ দেওবাৰে সামৰণি পৰে । বিশ্বনাথ জিলাৰ বিভিন্ন স্থানতো উখল-মাখল ভাৱে পালন কৰা হয় ফট্ । বিশেষকৈ এই পূজা দেওবাৰে সূৰ্য উদয়ৰ আগে আগে নৈ- উপনৈৰ পাৰত আৰু নৈৰ পানী মাজত সোমাই প্ৰসাদ আগবঢ়াই ভক্ত সকলে ।
উখল মাখল ধুবুৰীৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ ঘাট
হাজাৰ হাজাৰ ভক্তৰ সমাগম ধুবুৰীৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰ । বিহাৰী হিন্দু ধৰ্মাৱলম্বী লোক সকলে শনিবাৰে সূৰ্যাস্তৰ সময়ত ধৰ্মীয় পৰম্পৰা অনুসৰি সূৰ্য দেৱতাক পূজা কৰাৰ পিছত দেওবাৰে পুৱাৰ ভাগত উদিত সূৰ্যক পূজা কৰাৰ বাবে ওলাই আহিল ব্ৰহ্মপুত্ৰৰ পাৰলৈ । ধুবুৰীৰ যোগময়া ঘাট, নিউঘাট, কাছাৰী ঘাট, মেলা ঘাট, চিৰি ঘাটকে ধৰি পাঁচটা ঘাটত পূজা কৰাৰ বাবে জিলা প্ৰশাসন আৰু পূজা কমিটিয়ে সকলো ব্যৱস্থা গ্ৰহণ কৰাৰ পিছত আজি ধৰ্মীয় পৰম্পৰা অনুসৰি পূজা সম্পন্ন কৰা হয় ।
মহানগৰীৰ পাণ্ডু ঘাটত ৰীতি-নীতি অনুসৰি পূজা অৰ্চনা
ষট্ পূজা উপলক্ষে পুৱতি নিশাৰ পৰা মহানগৰীৰ ব্ৰহ্মপুত্ৰৰ ঘাটসমূহত ভক্তৰ লানি নিচিগা ভিৰ । মহানগৰীৰ পাণ্ডু, মালিগাঁও, ফাচীবজাৰ, ভৰলুমুখ, মাছখোৱা আদি স্থানত চলিল ৰীতি নীতি অনুসৰি পূজা অৰ্চনা । ঐতিহ্যমণ্ডিত পাণ্ডু ঘাটত সমাগম ঘটিল অগমন লোকৰ । সমাজৰ অপায়-অমংগল দূৰ হোৱাৰ কামনাৰে সূৰ্য দেৱতাক পূজা কৰিলে বিহাৰী সম্প্ৰদায়ৰ লোকসকলে । ইফালে ভক্তৰ নিৰাপত্তাৰ বাবে প্ৰতিটো মুহূৰ্ততে সষ্টম হৈ থকা পৰিলক্ষিত হ'ল আৰক্ষী-প্ৰশাসন আৰু এছডিআৰএফ বাহিনীক ৷