ETV Bharat / city

ৰাজ্যজুৰি উদযাপন ষঠ পূজা - সূৰ্য দেৱতাক পূজা

সমাজৰ পৰা অপায় অমংগ দূৰ হোৱাৰ কামনাৰে বিহাৰী সম্প্ৰদায়ৰ লোকসকলে সূৰ্য দেৱতাক পূজা কৰে আজিৰ দিনটোত । সূৰ্য্য অস্ত যোৱাৰ পূৰ্বে পুখুৰী বা নৈৰ পানীত নামি ভক্তপ্ৰাণ ৰাইজে সূৰ্যক পূজা কৰাৰ লগতে, পূজাৰ পাছদিনা অৰ্থাৎ সপ্তমীৰ পুৱাৰ ভাগত উদয়গামী সূৰ্য্যক অৰ্ঘ্য প্ৰদান কৰি ষট পূজাৰ সামৰণি কৰে ভক্তসকলে ৷

ৰাজ্যজুৰি উদযাপন ষঠ পূজা
author img

By

Published : Nov 2, 2019, 9:16 PM IST

Updated : Nov 2, 2019, 10:02 PM IST

নিউজ ডেস্ক, 2 নৱেম্বৰঃ বিহাৰ-উত্তৰ প্ৰদেশৰ সমান্তৰালে অসমতো উদযাপন ষট পূজা । লোকে লোকাৰণ্য মহাবাহু ব্ৰহ্মপুত্ৰ পাৰঘাট ৷ পূজা উপলক্ষে বৰলুইতৰ পাৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম ৷ মহাবহু ব্ৰহ্মপুত্ৰৰ পাৰত অসমৰ ষট পূজা প্ৰত্যক্ষ কৰি আপ্লুত বিহাৰৰ পৰ্যটক ৷

আজি ষঠ পূজা ৷ সমাজৰ পৰা অপায় অমংগল দূৰ কৰাৰ কামনাৰে বিহাৰী সম্প্ৰদায়ৰ লোকসকলে সূৰ্য দেৱতাক পূজা কৰে আজিৰ দিনটোত । সূৰ্য্য অস্ত যোৱাৰ পূৰ্বে পুখুৰী বা নৈৰ পানীত নামি ভক্তপ্ৰাণ ৰাইজে সূৰ্যক পূজা কৰাৰ লগতে, পূজাৰ পাছদিনা অৰ্থাৎ সপ্তমীৰ পুৱাৰ ভাগত উদয়গামী সূৰ্যক অৰ্ঘ্য প্ৰদান কৰি ষট পূজাৰ সামৰণি কৰে ভক্তসকলে ৷

সমগ্ৰ দেশৰ লগতে অসমতো দেখা গ'ল ষঠ পূজাৰ ব্যাপক উচাহ উদ্দীপনা ৷ মহানগৰীত সূৰ্যাস্তৰ পাচতে ব্ৰহ্মপুত্ৰৰ ঘাটসমূহত ভিৰ কৰিছে ভক্তই । মালিগাঁও, পাণ্ডু, মাছখোৱা, ফাচীবজাৰৰ ব্ৰহ্মপুত্ৰ ঘাটত জাকজমকতাৰে আয়োজন কৰা হৈছে ষট্ পূজা । বিয়লি ৩ বজাৰ পৰা ধৰ্মীয় ৰীতি-নীতি অনুসৰি চলি আছে পূজা-অৰ্চনা ।

অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চলৰ যোৰাবাটত থকা শ্ৰী শ্ৰী ভদ্ৰকালেশ্বৰী মন্দিৰ প্ৰাংগণতো এক অস্থায়ী পকীৰে নিৰ্মিত পুখুৰী সাজি উদযাপন কৰিছে ষট পূজা ৷

ব্ৰহ্মপুত্ৰৰ ফাঁচী বজাৰ ঘটৰ পূজাস্থলীত অসম চৰকাৰৰ কেইবাগৰাকী বিধায়ক উপস্থিত হৈ ভোজপুৰী সম্প্ৰদায়ৰ লোক সকলক ষট পূজাৰ শুভেচ্ছা জ্ঞাপন কৰি অসমত থকা সকলো সম্প্ৰদায়ৰ লোকক মিলাপ্ৰীতি অটুট ৰখাৰ আহ্বান জনায় ।

ৰাজ্যজুৰি উদযাপন ষঠ পূজা

ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ কছাৰীঘাট ষট পূজাস্থলীত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ ভোজপুৰী সমাজক ষট পূজাৰ শুভেচ্ছা, শুভকামনাৰ লগতে ষট পূজাৰ মহত্ব অনুধাৱন কৰি একতা প্ৰতিষ্ঠাৰ আহ্বান জনাই সোণোৱালে ।

যোৰহাট চহৰখনৰ প্ৰায় ৮ টাকৈ ঠাইত পালন কৰা হৈছে ষঠ পূজা ৷ ভক্তপ্ৰাণ ভোজপুৰি লোকৰ সমাগমে দ্বিতীয় গংগালৈ পৰিণত কৰে পূজাদুবিঘাট । ঠিক একেদৰে, বিলাসীপাৰা চহৰৰ বামুনপাৰাৰ গৌৰাং নৈৰ পাৰত ষট্‌ পূজা উপলক্ষে একত্ৰতি হয় ভিন্ন সম্প্ৰদায়ৰ ভক্তপ্ৰাণ ৰাইজ ৷

ষঠ পূজা উদযাপন।।দ্বিতীয় গংগালৈ পৰিণত ভোগদৈ।।

সমগ্র ৰাজ্যৰ লগতে যোৰহাটতো উলহ মালহৰে পালন ষঠ পূজা।যোৰহাট চহৰখনৰ প্ৰায় ৮ টাকৈ ঠাইত পালন কৰা হৈছে ষঠ পূজাৰ।হিন্দুষ্ঠানী ভোজপুৰি সমাজৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পূজা ষঠ পুজা ভোগদৈ নদীৰ বাকৰিত পালন কৰা হয়।পুজাদুবি ঘাটত ভক্ত প্ৰাণ ভোজপুৰি লোকৰ সমাগমে পৰিবেশ দ্বিতীয় গংগালৈ পৰিনত কৰে।কঠোৰ ব্ৰত পালন কৰাৰ পাছত আজি ঘাটত নিদিষ্ট অংশত সূৰ্য দেৱতালৈ নব্ৰদ্য আগবঢ়াই পালন কৰা পৰিলক্ষিত হয়।চহৰখনৰ বিভিন্ন ঠাইত অনুষ্ঠিত হোৱা ষঠ পূজাত ভোজপুৰি সমাজৰ সকলো লোকে অংশগ্ৰহণ কৰে।
Last Updated : Nov 2, 2019, 10:02 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.