ETV Bharat / city

Covid management: উত্তৰ-পূৱৰ আঠ ৰাজ্যলৈ কেন্দ্ৰৰ তেৰশ কোটি টকাৰ পেকেজ

author img

By

Published : Aug 17, 2021, 10:09 PM IST

অসমসহ উত্তৰ-পূৰ্বাঞ্চলৰ ক'ভিড পৰিস্থিতি আৰু ব্যৱস্থাপনা সম্পৰ্কত গুৱাহাটীত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল মন্ত্ৰী মনসুখ এল মাণ্ডব্যৰ পৰ্যালোচনা বৈঠক । বৈঠকত উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ বিভাগীয় মন্ত্রী আৰু প্ৰতিনিধিৰ অংশ গ্ৰহণ ।

central government grants  1300 crore package to assam and northeast  for covid management
Covid management: উত্তৰ-পূৱৰ আঠ ৰাজ্যলৈ কেন্দ্ৰৰ তেৰশ কোটি টকাৰ পেকেজ

গুৱাহাটী, ১৭ আগষ্ট : ক'ভিড পৰিস্থিতিৰে মোকাবিলা কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে অসমসহ উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যলৈ ১,৩০০ কোটি টকাৰ পেকেজ ঘোষণা কৰিছে । মঙলবাৰে, গুৱাহাটীত এই কথা সদৰি কৰে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী মনসুখ এল মাণ্ডব্যই (union health and family welfare minister Mansukh L. Mandaviya) । উল্লেখ্য যে, অসমসহ উত্তৰ-পূৰ্বাঞ্চলৰ ক'ভিড পৰিস্থিতি আৰু টীকাকৰণ সম্পৰ্কে পৰ্যালোচনা কৰাৰ বাবে মঙলবাৰে গুৱাহাটীত উপস্থিত হয় কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল মন্ত্ৰীগৰাকী ।

গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত এই সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰা হয় ৷ এই বৈঠকত অসমৰ স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত(Assam health minister Keshav Mahanta)কে ধৰি মেঘালয়ক বাদ দি উত্তৰ-পূৰ্বাঞ্চলৰ বাকী সাতখন ৰাজ্যৰ স্বাস্থ্যমন্ত্রীয়ে অংশ গ্ৰহণ কৰে । মেঘালয়ৰ শেহতীয়া হিংসা-জৰ্জৰ পৰিস্থিতিৰ বাবে ৰাজ্যখনৰ স্বাস্থ্যমন্ত্রী গৰাকী বৈঠকত উপস্থিত নাছিল । বৈঠকত ছিক্কিমৰ স্বাস্থ্যমন্ত্রী মণি কুমাৰ শৰ্মায়ো অংশ গ্ৰহণ কৰে।

বৈঠকত অসমৰ শেহতীয়া ক'ভিড পৰিস্থিতি, ক'ভিড প্ৰতিৰোধ তথা চিকিৎসা ব্যৱস্থাপনা(Covid management in Assam), ক'ভিড প্ৰতিষেধক প্ৰদান অভিযানৰ অগ্ৰগতিৰ লগতে বিগত তিনিমাহত ৰাজ্যখনৰ চিকিৎসা আন্তঃগাঠনিৰ উন্নয়নৰ বিষয়ে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীক অৱগত কৰা হয় ৷ এই কাম সম্প্ৰাদান কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ লগতে স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অনুৰাগ গোৱেলে ।

বৈঠকত উত্তৰ-পূৰ্বাঞ্চলৰ ক'ভিড পৰিস্থিতি সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হয় । প্ৰতিখন ৰাজ্যই নিজৰ নিজৰ ক'ভিড ব্যৱস্থাপনা সম্পৰ্কে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্রীগৰাকীক অৱগত কৰে । অসমৰ ক্ষেত্রত ক'ভিডৰ দ্বিতীয়টো ঢৌৰ সময়ত আই চি ইউৰ সংখ্যা পূৰ্বতকৈ তিনি গুণৰো অধিক বৃদ্ধি কৰা, তৰল মেডিকেল অক্সিজেনৰ উৎপাদন আৰু মজুতকৰণ ক্ষমতাৰ ব্যাপক বৃদ্ধিৰ লগতে ৰাজ্যৰ প্ৰতিখন জিলাতে শিশুসকলক ক'ভিডৰ সম্ভাৱ্য তৃতীয় ঢৌৰ পৰা সুৰক্ষিত কৰিব পৰাকৈ শিশু আই চি ইউ নিৰ্মাণ কৰাৰ বিষয়ে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীক অৱগত কৰা হয় ।

বৈঠকত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা দিশসমূহৰ ওপৰতো আলোকপাত কৰা হয় । বৈঠকৰ অন্তত সংবাদ মাধ্যমক সম্বোধন কৰি কেন্দ্ৰীয় স্বাস্থ্যমন্ত্রী গৰাকীয়ে কয় যে, অসমসহ উত্তৰ-পূৱৰ আঠখন ৰাজ্যই ক'ভিড অতিমাৰীৰে মোকাবিলা কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে ক'ভিড ৰেছপনছ ফাণ্ড (Covid responds fund)ৰ পৰা ১,৩০০ কোটি টকাৰ অনুমোদন দিছে । ইতিমধ্যে, প্ৰতিখন ৰাজ্যলৈ ইয়াৰে ৫০ শতাংশ ধন মোকলাই দিয়া হৈছে ।

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্রীৰ সৈতে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত

ইয়াৰ দ্বাৰা, ক'ভিড পৰিস্থিতিৰে মোকাবিলা কৰিবৰ বাবে প্ৰয়োজন যাৱতীয় ব্যৱস্থা ৰাজ্য চৰকাৰসমূহে গ্ৰহণ কৰিব । সমগ্ৰ দেশতে ক'ভিডৰে মোকাবিলা কৰিবলৈ ২৩ হাজাৰ কোটি টকাৰ দ্বিতীয় পেকেজ প্ৰদান কৰা হৈছে ৷ ইয়াৰে ১,৩০০ কোটি টকা উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ বাবে দিয়া হৈছে ।

তেওঁ লগতে কয় যে, উত্তৰ-পূৰ্বাঞ্চলত ক'ভিডৰ দ্বিতীয় লহৰ দেৰিকৈ আৰম্ভ হোৱা বাবে সংক্ৰমণ এতিয়াও আছে । অৱশ্যে, শেহতীয়াকৈ পৰিস্থিতি যথেষ্ট উন্নত হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে বৰ্তমান ভেকচিনৰ যোগান পৰ্যাপ্ত হৈছে ৰাজ্যত ।

লগতে পঢ়ক : মইনাপুখুৰীক পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তুলিব বিটিআৰ চৰকাৰে

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.