ETV Bharat / city

চাৰিমাহে ঘোষণা নহ’ল ৪১৪ জন প্ৰাৰ্থীৰ পৰীক্ষাৰ ফলাফল - Candidates of Assam Police Recruitment

পুনৰ বিৰ্তকত অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়া (Assam Police Recruitment) ৷ বিগত চাৰিমাহে ঘোষণা নহ’ল ২০১৮ চনত অসম আৰক্ষী নিযুক্তি প্ৰক্ৰিয়াত আবেদন কৰি ২০২১ ত শাৰীৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ ২০২২ ৰ ২০ ফেব্ৰুৱাৰীত লিখিত পৰীক্ষাত অৱৰ্তীৰ্ণ হোৱা ৪১৪ জন প্ৰাৰ্থীৰ আজিলৈকে ঘোষণা নহ’ল পৰীক্ষাৰ ফলাফল ৷

computer-certificates-of-414-candidates-were-fake
চাৰিমাহে ঘোষণা নহ’ল ৪১৪ জন প্ৰাৰ্থীৰ পৰীক্ষাৰ ফলাফল
author img

By

Published : Sep 9, 2022, 9:41 PM IST

গুৱাহাটী, ৯ ছেপ্টেম্বৰ: শুকুৰবাৰে অসম আৰক্ষী নিযুক্তি (Assam Police Recruitment) ক্ষেত্ৰত কম্পিউটাৰ ভুৱা প্ৰমাণ পত্ৰ জমা দিয়া বুলি অসম চৰকাৰে ৪‍১৪ জন প্ৰাৰ্থীৰ ফলাফল স্থগিত কৰা প্ৰাৰ্থীয়ে আয়োজন কৰিলে সংবাদমেল । মহানগৰীত সংবাদমেল সম্বোধন কৰি প্ৰাৰ্থীসকলে ২০১৮ চনত অসম আৰক্ষী নিযুক্তি প্ৰক্ৰিয়াত (Assam Police Recruitment 2018) আবেদন কৰি ২০২১ ত শাৰীৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ ২০২২ ৰ ২০ ফেব্ৰুৱাৰীত লিখিত পৰীক্ষাত অৱৰ্তীৰ্ণ হোৱা বুলি অৱগত কৰে ৷

বিগত ১২ মে’ত ইয়াৰ ফলাফল ঘোষণা কৰা হেছিল । যদিও তাৰ মাজৰ ৪১৪ জন প্ৰাৰ্থীৰ কম্পিউটাৰ প্ৰমাণ পত্ৰ ভুৱা বুলি ফলাফল স্থগিত কৰি ৰখিছিল (Computer certificates of 414 candidates were fake) । ইতিমধ্যে CID কাৰ্যালয়ত মাতি কম্পিউটাৰ প্ৰমাণপত্ৰ ভেৰিফিকেচন কৰা হৈছিল ৷ কম্পিউটাৰ প্ৰমাণপত্ৰ ভেৰিফিকেচনৰ চাৰি মাহ পাছতো আজি পৰ্যন্ত ফলাফল ঘোষণা নোহোৱাত ক্ষোভিত হৈ পৰিছে প্ৰাৰ্থীসকল ৷

চাৰিমাহে ঘোষণা নহ’ল ৪১৪ জন প্ৰাৰ্থীৰ পৰীক্ষাৰ ফলাফল

এই সংবাদমেলযোগে ভুক্তভোগী প্ৰাৰ্থীসকলে ৪১৪ জন প্ৰাৰ্থীৰ মাজত যি দুই এজন ভুৱা প্ৰাৰ্থী থাকিব পাৰে তেওঁলোকক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰিবলৈ চৰকাৰক আহ্বান জনায় । আনহাতে, ৪১৪ জনৰ মাজৰে ৬০ জন ইতিমধ্যে প্ৰশিক্ষণ লৈ আছে বুলি মন্তব্য কৰে ভুক্তভোগী প্ৰাৰ্থীসকলে । ইপিনে CID য়ে কম্পিউটাৰ চাৰ্টিফিকেটখিনি জব্দ কৰা পাছত প্ৰাৰ্থীসকলে অন্য পদৰ বাবে আৱেদন কৰিব পৰা নাই বুলি জানিব দিয়ে ৷

সেয়ে প্ৰাৰ্থীসকলৰ বেমেজালি অতিশীঘ্ৰেই দূৰ কৰিবলৈ মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধানক আহ্বান জনায় । লগতে এই ভুক্তভোগী প্ৰাৰ্থীসকলে চাকৰি পাব নে নাই সেই সন্দৰ্ভত স্পষ্টকৈ জনাবলৈও আহ্বান জনায় ৷

লগতে পঢ়ক: ইয়াকুবৰ ভাতৃয়ে বদা কবৰস্থানৰ দুই প্ৰাক্তন সদস্যক দিছিল ভাবুকি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.